Terrorist threats : বাংলাদেশী সন্ত্ৰাসবাদীৰ অসমৰ ব্যক্তিলৈ ভাবুকিভৰা Voice Message
Terrorist threats : এক ভয়ংকৰ খবৰ। বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইচলামীৰ সদস্যই অসমৰ ব্যক্তিলৈ পঠিয়ালে ভাবুকিভৰা মেছেজ।
ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষ্মীমাৰী গাঁৱৰ দুজন ব্যক্তিলৈ আহিল বাংলাদেশৰ কুখ্যাত জামাত ই ইছলামীৰ ভাবুকিভৰা মেছেজ। গোলকগঞ্জ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক অমূল্য ৰায় আৰু সীমান্ত চেতনা মঞ্চৰ লক্ষীমাৰী খণ্ডৰ সভাপতি সুধীৰ সৰকাৰলৈ আহিল বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইচলামীৰ ভয়চ মেছেজ।
ইতিমধ্যেই অমূল্য ৰায় আৰু সুধীৰ সৰকৰে যোৱানিশা গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে উক্ত বাংলাদেশী নম্বৰৰ বিৰুদ্ধে। মেছেজটো ৮৮০ ১৭১৯০৭১৯২৭ নম্বৰৰ পৰা অহা বুলি জানিব পৰা গৈছে।
মন কিৰব লগা যে এই মেছেজৰ পিছত অসমত বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইচলামীৰ প্ৰভাৱ থকাটো একপ্ৰকাৰ নিশ্চিত হৈছে।
Niyomiya Barta desk, 20 August