ভোটাৰ অধিকাৰ যাত্রাত অঘটন, ৰাহুল গান্ধী-ৰ গাড়ীৰ খুন্দাত আহত আৰক্ষী
নির্বাচন আয়োগৰ ভোট চুৰিক লৈ বিহাৰৰ নাৱাদাত ৰাহুল গান্ধী-ৰ ভোটাৰ অধিকাৰ যাত্রাত অঘটন ঘটিছে৷ নাৱাদাত ভোটাৰ অধিকাৰ যাত্রাৰ সময়ত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ গাড়ীৰ খুন্দাত এজন আৰক্ষী কনিষ্টবল আহত হয়৷ এই ঘটনাৰ ভিডিঅ’ প্রচাৰ কৰি বিজেপিয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি সমালোচনা কৰিছে৷
উল্লেখ্য যে ভোটাৰ অধিকাৰ যাত্রাৰ সময়ত ৰাহুল গান্ধীৰ গাড়ীৰ আশে–পাশে সমর্থকৰ ভিৰ আৰু আৰক্ষীৰ পহৰাৰ মাজতে গান্ধীৰ গাড়ীখন আৰক্ষী কনিষ্টবল এগৰাকীৰ ভৰিৰ ওপৰত উঠে৷ গাড়ীৰ চকা ভৰিত উঠাৰ পাছত সমর্থক আৰু গান্ধীয়ে আৰক্ষী কনিষ্টবলজনক সহায় কৰি উঠাই আনে৷ ৰাহুল গান্ধীয়ে গাড়ীৰ পৰা নামি আহি আৰক্ষী কনিষ্টবলজনক সহায় কৰে৷ তদুপৰি সমর্থক আৰু আৰক্ষীয়ে গাড়ীখন পিছলৈ ঠেলি দিয়ে৷ খোলা জীপৰ পৰা ৰাহুল গান্ধীয়ে পানীৰ বটল এটা সমর্থকৰ হাতত দি আহত আৰক্ষী কনিষ্টবলজনক সহায় কৰিবলৈ নির্দেশ দিয়ে৷ বিজেপিয়ে এই ভিডিঅ’ প্রচাৰ কৰি চূর্ণ জনতা যাত্রা আখ্যা দিছে৷
Niyomiya Barta desk, 20 August