দেশৰ ভিন্ন প্রান্তৰ পৰা অসমক অশান্ত কৰিবলৈ সন্দেহজনক লোকৰ আগমন
বনভূমিৰ বেদখলৰ উচ্ছেদক লৈ চলা অভিযানৰ এই সময়ছোৱাতে অসমত প্রৱেশ ঘটিছে একাংশ সন্দেহজনক লোকৰ৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা এনে সন্দেহজনক লোকক লৈ সকীয়নি প্রদান কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসমক অশান্ত কৰাৰ বাবে একাংশই চলোৱা গোপন ষড়যন্ত্রৰ বিস্ফোৰক তথ্য ফাদিল কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত সমগ্র ভাৰতৰ পৰা বিভিন্ন ধৰণৰ সন্দেহজনক লোকে অসম ভ্রমণ কৰি আছে৷ এনআৰচি উন্নীতকৰণৰ সময়ছোৱাতো এই লোকসকল আহিছিল৷
অসমলৈ অহা এই লোকসকলক চৰকাৰে বিশেষ নজৰ দি আছে৷ শেহতীয়াকৈ মুম্বাই আৰু কেৰালাৰ পৰা একাংশ মৌলবাদীৰ প্রৱেশ ঘটা বুলিও উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷ এইক্ষেত্রত তেওঁ কয় যে মুম্বাইৰ পৰা ইৰফান আলী ইঞ্জিনীয়াৰ নেহাডাৰবানে নামৰ এজন মুম্বাইৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা আহিছে৷ কেৰালাৰ পৰাও এনেধৰণৰ লোক আহিয়ে আছে৷
মুখ্যমন্ত্রীয়ে কয়– এনআৰচিৰ সময়ছোৱাতো এই ধৰণৰ লোক বাহিৰৰ পৰা আহি গোটেই প্রচেষ্টা নষ্ট কৰিছিল৷ সেই সময়ত চৰকাৰে এইবোৰ ঘটনাৰ ওপৰত চকু ৰখা নাছিল৷ কিন্তু এতিয়া অসমলৈ অহা এইধৰণৰ প্রতিজন ব্যক্তিৰ ওপৰতে চকু ৰখা হৈছে৷
মুখ্যমন্ত্রীৰ স্পষ্ট সকীয়নি– কোনোবাই এটা খোজ নিয়মৰ বাহিৰত গ’লেই গ্রেপ্তাৰ কৰা হ’ব৷ কোনোবাই যদি বাহিৰত গৈ এক কদম ৰাজনীতি কৰে, গ্রেপ্তাৰ হোৱাটো নিশ্চিত৷ কোনো মৌলবাদী নেতা, তেওঁ লাগিলে মুম্বাইৰ পৰা আহক, কেৰালাৰ পৰা আহক বা দিল্লীৰ পৰা আহক, অসমত প্রশ্রয় দিয়া নহয়৷ এই লোকসকল হৈছে মৌলবাদী শক্তি, যিসকলে এইধৰণৰ ঘটনাক ৰক্ষণাবেক্ষণ দিয়ে৷ এনআৰচিৰ সময়ত আমি এওঁলোকৰ কাম–কাজ গম নাপালোঁ৷ তেওঁলোকে ভুৱা পিতৃ বনাই এনআৰচিত নাম অন্তর্ভুক্ত কৰিছিল৷
হাইলাকান্দিৰ ভোটাৰ লিষ্টৰ পৰা পিতৃৰ নামৰ সৈতে একে নামৰ লোকজনক নিজৰ বাপেক বুলি চিনাকি দি এনআৰচিত নাম ভৰাইছিল৷ দীর্ঘ বছৰ ধৰি নিখোজ হৈ থকা পিতৃৰ সৈতে পৰিয়ালৰ মিলন হোৱা বুলি দেখুৱাই এওঁলোকে এনআৰচিত নাম সুমুৱাইছিল৷ এই কথাবিলাক সেই সময়ত অসমীয়া লোকে সাধাৰণভাৱে গ্রহণ কৰিছিল৷ কিন্তু এই ঘটনাবোৰ এতিয়া পোহৰলৈ আহিছে৷ যোৱা ৫ বছৰত এনে বহুধৰণৰ ঘটনা আমি লাভ কৰিছোঁ৷
তাৰ বাবে প্রয়োজনত উচ্চতম ন্যায়ালয়কো এই তথ্য দিবলৈ সাজু হৈ আছোঁ৷ এনআৰচিত নাম ভৰাবলৈ যি বাপেক–পুতেকৰ মিলন হ’ল, মামা–ভাগিনৰ মিলন হ’ল, সেয়া আচলতে সম্পূর্ণ ভুৱা আছিল৷ হর্ষ মণ্ডলৰ দৰে একাংশ লোকৰ পৰামর্শতেই এইধৰণৰ ঘটনা ঘটিছিল৷ এতিয়া এই লোকসকল পুনৰ আহিছে৷ সেই সময়ত এই কথাবোৰ ধৰা নপৰিল যদিও এতিয়া মুম্বাইৰ পৰা, কেৰালাৰ পৰা, দিল্লীৰ পৰা কোন আহিছে তাৰ প্রতিটো খবৰ ৰখা হৈছে৷ মুখ্যমন্ত্রীয়ে কয়– এইবাৰ আমি অত্যন্ত সাহসেৰে এই কামত আগবাঢ়িছোঁ৷
এই সমগ্র ঘটনাবোৰ একে আষাৰে কৈ শেষ কৰিব নোৱাৰি৷ একাংশ লোকৰ বাবে বহিঃৰাষ্ট্রৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ যোগান হয়৷ ইউএছটিএম কেনেকৈ হৈছিল, ধন অহাৰ প্রথম উৎসটো কি আছিল, সেই বিষয় পৰীক্ষাৰ প্রয়োজন৷ আমাৰ এজন সাংসদৰ ফুড ফৰ ফার্ম নামৰ এটা এনজি’লৈও আহে জর্জ ছ’ৰছৰ ধন৷ অসমক লৈ বহু ৰাজনীতি চলি আছে৷
পূর্বে এই কথাবোৰ পোহৰলৈ অহা নাছিল যদিও অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধি পোৱাত এই কথাবোৰ নজৰলৈ আহিছে৷ চৰকাৰে এইক্ষেত্রত কঠোৰ স্থিতি লৈ আছে বাবে এনে লোকসকলে তেওঁলোকৰ কার্য সিদ্ধি কৰিব পৰা নাই৷ বিটিএডিৰ ঘটনাৰ পাছত যিসকল লোক ওলাই গৈছিল, তাতকৈ বেছি লোক উভতি আহিছিল৷ মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে পুনৰ এনেধৰণৰ ঘটনা ঘটিবলৈ নিদিয়ে ৰাজ্য চৰকাৰে৷
Niyomiya Barta desk, 20 August