Pak Visa : পোন্ধৰ বছৰ পূৰ্বে মৃত ব্যক্তিৰ নামত নথিপত্ৰ তৈয়াৰ বিদেশী নাগৰিকৰ
Pak Visa : হোজাইৰ মোৰাঝাৰত কালি আৰক্ষীয়ে সন্দেহজনক বিদেশী নাগৰিকক আটক কৰাৰ পিছত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। আব্দুল কৰিম নামৰ সন্দেহজনক বিদেশী নাগৰিকজনে মোৰাঝাৰৰ হাতিশালীৰ আব্দুল কালাম নামৰ লোকজনৰ নামত পাছপৰ্ট, আধাৰ কাৰ্ড, পান কাৰ্ডকে আদি কৰি বিভিন্ন নথিপত্ৰ উলিয়াইছিল।
আব্দুল কালামৰ নামত উলিওৱা পাছপৰ্টখনৰ জৰিয়তে সন্দেহজনক লোকজনে পাকিস্তানলৈ যাবৰ বাবে ভিছা উলিয়াইছিল। শ্ৰমিক হিচাপে কাম কৰা আব্দুল কালাম নামৰ লোকজন আজিৰ পৰা পোন্ধৰ বছৰ পূৰ্বে মেঘালয়ৰ এটি কয়লা খনিত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল।
পিছত এই সন্দেহজনক নাগৰিকজনে আব্দুল কালামৰ মৃতদেহটো লৈ মোৰাঝাৰৰ হাতিশালী গাঁৱত উপস্থিত হৈছিল। আব্দুল কালামৰ মৃত্যুৰ পিছত আটক হোৱা সন্দেহজনক বিদেশী লোকজনে তেওঁৰ নথিপত্ৰসমূহ চুৰি কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
আনহাতে কালি আব্দুল কালামৰ পিতৃ আব্দুল ৰবক আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰে।
উল্লেখ্য যে আৰক্ষীৰ কেইবাটাও শাখাৰ ভেৰিফিকেচনৰ অন্ততহে পাছপৰ্টৰ দৰে এটি গুৰুত্বপূৰ্ণ নথি উলিয়াব পৰা যায়। এতিয়া প্ৰশ্ন হয় যে আৰক্ষীৰ চকুত ধূলি দি এই সন্দেহজনক বিদেশী নাগৰিকজনে কেনেকৈ পাছপৰ্ট উলিয়াব পাৰিলে?