নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Elefent Attack : আহত বনৰীয়া হাতীৰ আক্ৰমণত আহত কৃষক, GMCHত চিকিৎসাধীন

Elefent Attack : আজি পুৱাই ৰংজুলিত এক অঘটন সংঘটিত হয় ৷ বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন ৷ আহত লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ GMCH প্ৰেৰণ কৰা হয় ৷

ৰংজুলি বনাঞ্চলত আহত হৈ থকা বনৰীয়া হাতীটোৱে আজি পুৱা কেইবাখনো গাঁও অতিক্ৰম কৰি স্থান পৰিবৰ্তন কৰে ৷ তাৰ মাজতে ৰংজুলি ঠাকুৰীয়াপাৰা গাঁৱত মজিদ স্বৰ্গীয়াৰী নামৰ কৃষক এগৰাকীক আক্ৰমণ কৰে বনৰীয়া হাতীটোৱে ৷

পুৱা পথাৰলৈ যাওঁতে কৃষকজনে হঠাৎ মুখামুখি হয় হাতীটোৰ। কৃষকজনক এটা খালত বগৰাই গচকি আক্ৰমণ কৰে হাতীটোৱে। ফলত গুৰুতৰভাৱে আহত হয় মজিদ স্বৰ্গীয়াৰী।

আহত কৃষকগৰাকীক ততাতৈয়াকৈ ৰংজুলি চিকিৎসালয়লৈ লৈ আনে যদিও প্ৰাথমিক চিকিৎসাৰ পিছতে চিকিৎসকে সংকটজনক অৱস্থালৈ লক্ষ্য কৰি GMCHলৈ প্ৰেৰণ কৰে।

পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী দুখীয়া কৃষক আহত হোৱা ঘটনাই ৰংজুলি অঞ্চলত এক আতংক সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

Niyomiya Barta Desk, 21 August

You might also like