North Guwahati : ১০৮ সেৱাৰ গাড়ীতে পুত্ৰ সন্তান জন্ম দিলে নাবালিকাই, চাঞ্চল্য
North Guwahati : উত্তৰ গুৱাহাটীত সভ্য সমাজক লজ্জিত কৰা ঘটনা। এগৰাকী ১৫ বছৰীয়া নাবালিকাই জন্ম দিলে সন্তান। নাবালিকাগৰাকীৰ অতিপাত পেটৰ বিষ হোৱা বুলিহে পৰিয়ালৰ লোকে খবৰ দিছিল ১০৮ত। ১০৮ৰে চিকিৎসালয়লৈ নি থকা অৱস্থাতে নাবালিকাগৰাকীয়ে গাড়ীতে জন্ম দিয়ে এটা ল’ৰা সন্তান ।
এই ঘটনাৰ পিছতে চিকিৎসালয়ত উপস্থিত Child Lineৰ লোক। চিকিৎসালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো আৰক্ষীকো অৱগত কৰাৰ ব্যৱস্থা কৰিছে। নাবালিকাগৰাকী বৰ্তমান সন্তানসহ চিকিৎসালয়ত সুস্থ অৱস্থাত আছে। নাবালিকাগৰাকীয়ে উত্তৰ গুৱাহাটীত আইতাকৰ ঘৰলৈ কেইদিনমানৰ কাৰণে থকাকৈ আহিছিল।
ইফালে সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে পুলিচ প্ৰশাসনৰ পৰা লুকুৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ উঠিছে।
Niyomiya Barta Desk, 21 August