Accident News : ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত আৰোহী-ফেৰীৱালা
Accident News : মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজনকৈ লোক। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী AS01 EZ 7723 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহন এখনে ভুল দিশেৰে ফেৰীৱালা চাইকেল আৰোহীক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই অন্য এগৰাকী স্থানীয় পথচাৰীক খুন্দিয়াই খাৱৈত বাগৰি পৰে। ফলত গুৰুতৰভাৱে আহত হয় স্থানীয় অৰবিন্দ ডেকা আৰু ফেৰীৱালা ৰোকেল শ্বেখ।
ইফালে ছুইফ্ট বাহনখনৰ চালকৰ আসনত থকা একমাত্ৰ মহিলা আৰোহী পঞ্চী তামুলীৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বাহনখন। পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Niyomiya Barta Desk, 21 August