নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰিব ভাৰতে, মস্কোত বৈদেশিক মন্ত্রী এছ জয়শংকৰ

নিউজ ডেস্ক, ২২ আগষ্ট : ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছত ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে ভাৰতে৷

বৈদেশিক মন্ত্রী এছ জয়শংকৰে কালি ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছার্গে লেভৰবৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ এই বৈঠকৰ সময়ত বৈদেশিক মন্ত্রী জয়শংকৰে বাণিজ্য বন্ধু ৰাছিয়াৰ সৈতে সম্পর্ক অধিক গাঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বাণিজ্যিক সম্পর্ক শক্তিশালী কৰাৰ ওপৰত প্রাধান্য দিয়ে বুলি আলোচনাত মত প্ৰকাশ কৰে৷

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা ভাৰত–ৰাছিয়াৰ সম্পর্ক অধিক গভীৰ হৈ আহিছে বুলি উল্লেখ কৰি বৈদেশিক মন্ত্রীগৰাকীয়ে দেশখনৰ সৈতে বাণিজ্য আৰু অর্থনৈতিক বিষয়ক লৈ আলোচনাৰ মাজেৰে পূর্বতকৈ অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে৷

You might also like