নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক

গোলাঘাট জিলাৰ খুমটাইৰ কমাৰগাঁও থানাৰ অন্তৰ্গত বৰুৱাগাঁও-গেলেকীয়ালৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱক থিতাতে নিহত হয়।

নিশা কমাৰগাঁও দিশৰ পৰা নিজ গৃহলৈ এএছ ০৫ এ ৫১২১ নম্বৰ মটৰচাইকেলেৰে আহি থকা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় খুমটাইৰ চংকলা গাঁৱৰ অচ্যুত কোঁৱৰ (৩০) নামৰ যুৱকজন।

ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Niyomiya Barta Desk, 26 August

You might also like