নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ–ধিঙত জাননী লাভৰ পাছতে ঘৰ ভাঙি আঁতৰিছে বেদখলকাৰী

বিশেষ বার্তা, বিশ্বনাথ, ২৬ আগষ্ট : বিশ্বনাথত বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ জাননী প্রেৰণৰ পাছতেই এইবাৰ ঘৰ–দুৱাৰ ভাঙি স্থান এৰাৰ প্রস্তুতি চলাইছে নিজ বাঘমাৰীৰ একাংশ বেদখলকাৰীয়ে৷ বিশ্বনাথৰ নিজ বাঘমাৰীৰ প্রায় ৪৫০টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী প্রেৰণৰ পাছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত৷ উচ্ছেদৰ জাননী লাভ কৰা একাংশ লোকে ইতিমধ্যে খালী কৰিছে ঘৰ৷ আলমাৰি, বিছনা আৰু আন আন মূল্যৱান সামগ্রী লৈ আঁতৰি যোৱাৰ প্রস্তুতি চলাইছে এইসকল লোকে৷ গো–চৰণীয়া পথাৰত নিজে সজা ঘৰখনত নিজেই হাতুৰী মাৰি ভাঙিবলৈ বাধ্য হৈছে বেদখলকাৰী৷ উচ্ছেদৰ পূর্বেই সা–সামগ্রীসহ স্থানান্তৰিত হোৱাৰ সমান্তৰালভাৱে একাংশই আকৌ আত্মীয়ৰ ঘৰত আশ্রয় লৈছে৷

উল্লেখ্য যে বিশ্বনাথৰ নিজ বাঘমাৰীৰ চৰকাৰী গো–চৰণীয়া পথাৰৰ মাটি বেদখল কৰা লোকসকলক ১৫ দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰি আঁতৰি যাবলৈ প্রশাসনে যোৱা ২১ আগষ্টত জাননী জাৰি কৰিছিল৷ নিজ বাঘমাৰীৰ উচ্ছেদ চলিব লগা স্থানতে আছে এটা মছজিদ, এখন কবৰস্থান, ব্যক্তিগত স্কুল আদি৷ তাৎপর্যপূর্ণ যে অঞ্চলটোৰ প্রায় ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তিনি শতাধিক সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিলেও অঞ্চলটোত বেদখলকাৰী পৰিয়ালৰ সংখ্যা ৫ শতাধিক৷ যোৱা ২১ আগষ্টত জাৰি কৰা এই উচ্ছেদৰ জাননী অনুসৰি ১৫ দিনৰ ভিতৰত বেদখলকাৰীসকলে নিজেই তেওঁলোকৰ সামগ্রী অপসাৰণৰ সময়সীমা ধার্য কৰিছে যদিও এই সময়ছোৱাত চৰকাৰী ভূমিত থকা সামগ্রী অটুট থাকিলে সেই স্থানত উচ্ছেদ চলিলে বেদখলকাৰী জৰিমনা আদিৰ সন্মুখীন হ’ব বুলিও সকীয়াই দিয়া হৈছে৷ আৰক্ষীয়ে অঞ্চলটোত উচ্ছেদৰ পূর্বেই ‘অঞ্চল নিয়ন্ত্রণ’ শীর্ষক কুচকাৱাজো আৰম্ভ কৰিছে৷

নগাঁৱৰ জেঙনি তিনিআলিত বেদখলকাৰীয়ে বুলড’জাৰেৰে নিজৰ গৃহ ভাঙি ত্যাগ কৰিলে চৰকাৰী ভূমি

বিশেষ বার্তা, নগাঁও : নগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মাই জিলাখনৰ কেতবোৰ স্থানত বেদখলকাৰীৰ কবলত থকা ভূমিত উচ্ছেদৰ জাননী জাৰি কৰি সময়সীমা নির্ধাৰণ কৰি দিয়ে৷ জিলা আয়ুক্তগৰাকীয়ে উচ্ছেদৰ বাবে নির্ধাৰণ কৰি দিয়া অতিৰিক্ত সময়সীমা অন্ত পৰিবলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তর্গত জেঙনি তিনিআলিত বহু বছৰ ধৰি চৰকাৰী ভূমিত বসবাস কৰি থকা বেদখলকাৰীয়ে কালি বুলড’জাৰ লগাই পকীঘৰ, ব্যৱসায়িক প্রতিষ্ঠান আদি ভাঙি পেলায়৷

উল্লেখ্য যে কিছুদিন পূর্বে জিলা আয়ুক্ত দেৱাশিস শর্মা সেই স্থানত নিজে উপস্থিত হৈ প্রশাসনে নির্ধাৰণ কৰি দিয়া উচ্ছেদৰ অতিৰিক্ত সময়সীমা উকলি যোৱাৰ পূর্বে বেদখলকাৰীসকলক চৰকাৰী ভূমিৰ পৰা আঁতৰি যাবলৈ আহ্বান জনায়৷ জিলা আয়ুক্তগৰাকীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই  চৰকাৰী ভূমি বেদখল কৰি থকা একাংশ লোকে বুলড’জাৰ লগাই নিজৰ পকী গৃহ ভাঙি সেই স্থান ত্যাগ কৰে৷ নগাঁও জিলাত প্রশাসনে চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ পূর্বে বেদখলকাৰীয়ে নিজে বুলড’জাৰ লগাই নিজৰ পকীঘৰ ভাঙি সেই স্থান ত্যাগ কৰাৰ উদাহৰণ বিৰল৷

You might also like