নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ নগাঁৱত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, আৰক্ষীৰ ফ্লেগমাৰ্চ

মধ্য অসমত কাইলৈ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ চৰকাৰী ভূমিত থকা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।

ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ বৃহৎ আৰক্ষীৰ দলে উচ্ছেদ হবলগীয়া স্থলীত কৰিছে ফ্লেগমাৰ্চ। যাৰ বাবে আতংকিত একাংশ বেদখলকাৰীয়ে বেদখলকৃত ভূমিত থকা বাসগৃহত এৰি ঢাপলি মেলিছে অন্য স্থানলৈ। কিন্তু এতিয়াও একাংশ বেদখলকাৰী হৈ আছে আঁকোৰগোজ। এৰা নাই বেদখলকৃত ভূমি।

উল্লেখ্য যে ধিং ৰাজহ চক্রৰ বটদ্ৰৱা মৌজাৰ বালিসত্ৰ কিচামতৰ ৩নং চৰকাৰী দাগৰ আৰু আলিটাঙনী মৌজাৰ বলিকটিয়া কিচামতৰ মথাউৰি মাটি আৰু চৰকাৰী ভূমিত জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান ।মথাউৰিৰ দুয়োকাষে চৰকাৰী ভূমিত অবৈধভাৱে ঘৰ দুৱাৰ সাজি বসবাস কৰা লোকসকল আৰু দোকান খুলি কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কৰিব উচ্ছেদ। তদুপৰি বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভত চলি থকা অৰ্ধ সাপ্তাহিক বজাৰতো চলিব উচ্ছেদ।

Niyomiya Barta Desk, 26 August

You might also like