নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউনঃ সাময়িকভাৱে ফ্লিপকাৰ্টে বন্ধ কৰিলে সেৱা

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ভাৰতত ক্ৰমাৎ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ঘোষণা কৰিলে সম্পূৰ্ণ ‘লক ডাউন’ ।

ইপিনে মোদীৰ এই ঘোষণাৰ পাছতে দেশৰ এনে জটিল সময়ত অনলাইন ব্যৱসায়ীক কোম্পানী ফ্লিপকাৰ্টে বুধবাৰে সাময়িকভাৱে সেৱা বন্ধ কৰাৰ ঘোষণা কৰিছে । কোম্পানীটোৱে নিজৰ এপ যোগে প্ৰকাশ কৰিছে ।

ইফালে কোম্পানীটোৱে ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত ক’ৰোনা সন্দৰ্ভত সকলো খবৰ প্ৰচাৰ কৰাৰো ব্যৱস্থা কৰিছে ।

উল্লেখ্য যে ভাৰতত বুধবাৰ পৰ্যন্ত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই ৫৬২ গৰাকী হৈছে ।

You might also like