আমেৰিকাৰ পৰা যুদ্ধবিমানৰ ইঞ্জিন ক্রয় কৰিব ভাৰতে
🔹 ট্রাম্পৰ শুল্ক বোমাৰ উত্তেজনাৰ মাজতে নতুন দিল্লীৰ বৃহৎ চুক্তি
নিউজ ডেস্ক, ২৮ আগষ্ট : মার্কিন ৰাষ্ট্রপতি ট্রাম্পে অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ আমেৰিকা আৰু ভাৰতৰ মাজত চলি থকা উত্তেজনাৰ মাজতে প্রতিৰক্ষা খণ্ডত বৃহৎ চুক্তি সম্পন্ন কৰাৰ দিশে নতুন দিল্লী৷ ট্রাম্পৰ শুল্ক বোমাৰ মাজতে আমেৰিকাৰ পৰা ভাৰতে যুদ্ধবিমানৰ ইঞ্জিন ক্রয় কৰাৰ চুক্তি কৰিব৷ তেজছ বিমানৰ ইঞ্জিন ক্রয় কৰাৰ বাবে মার্কিন সংস্থাৰ সৈতে ১ বিলিয়ন ডলাৰৰ চুক্তি সম্পন্ন কৰাটো প্রায় নিশ্চিত হৈছে৷
সংবাদ মাধ্যমত প্রকাশিত বিশেষ প্রতিবেদনত ভাৰতে এই চুক্তি অনুসৰি মার্কিন যুক্তৰাষ্ট্রৰ পৰা এলএছচি মার্ক–১এ তেজছ যুদ্ধবিমানৰ কাৰণে ১১৩টা জিই–৪০৪ ইঞ্জিন ক্রয় কৰিব৷ ভাৰতীয় বায়ুসেনা যুদ্ধবিমানৰ ঘাটি পূৰণৰ লক্ষ্যৰে ৮৩টা এলচিএ মার্ক–১এ যুদ্ধবিমানৰ ইঞ্জিন ক্রয় কৰাৰ চুক্তি সম্পন্ন হোৱাটো নিশ্চিত হৈছে৷ মার্কিন সংস্থাৰ সৈতে ৯৯টা জিই–৪০৪ ইঞ্জিন কিনাৰ চুক্তিও কৰা হৈছে হিন্দুস্থান এৰ’নেটিক লিমিটেড চমুকৈ এইচএএলৰ সৈতে৷ ইয়াৰ উপৰি ৯৭ যুদ্ধবিমানৰ কাৰণে ৬২ হাজাৰ কোটি টকাৰ অনুমোদন জনাইছে কেন্দ্রীয় চৰকাৰে৷ এই চুক্তি অনুসৰি মার্কিন সংস্থা জী ইৰ সৈতে ১১৩টা যুদ্ধবিমানৰ ইঞ্জিন ক্রয় কৰিব৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রত প্রকাশ পোৱা মতে, ১১৩টা যুদ্ধবিমানৰ ইঞ্জিন ক্রয়ৰ বাবে মার্কিন সংস্থাটোৰ সৈতে আলোচনা প্রায় চূড়ান্ত হৈছে৷ চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত যুদ্ধবিমানৰ ইঞ্জিন ক্রয় কৰাক লৈ চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ব৷
লক্ষণীয় যে বায়ুসেনাই প্রকাশ কৰা মতে, এইচইএ–এ নির্মাণ কৰা যুদ্ধবিমানৰ বাবে মার্কিন সংস্থাৰ বিমান ইঞ্জিন আৱশ্যক অর্থাৎ মার্কিন সংস্থাৰ বিমান ইঞ্জিনৰ ওপৰতে নির্ভৰশীল হৈ আছে৷ চুক্তি সম্পন্ন হোৱাৰ লগে লগে প্রত্যেক মাহত দুটাকৈ ইঞ্জিন যোগান ধৰিব মার্কিন সংস্থাটোৱে৷ কোনোধৰণৰ বিলম্ব নকৰাকৈ এই ইঞ্জিনসমূহ মার্কিন সংস্থাটোৱে যোগান ধৰাৰ ক্ষেত্রত নতুন দিল্লীয়ে বিশেষ গুৰুত্ব দিছে৷