নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত নাহৰফুটুকীৰ মুক্ত বিচৰণ

দুলীয়াজানত নাহৰফুটুকীৰ মুক্ত বিচৰণ। দুলীয়াজানৰ ২নং ছলাকটকী অঞ্চলত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ দৃশ‍্য বন্দী হ’ল কেমেৰাত।

২নং ছলাকটকী অঞ্চলৰ ৰাইজৰ খবৰৰ ভিত্তিত নাহৰফুটুকী বাঘৰ বিচৰণ কৰি থকা তথ‍্য লাভ কৰাৰ পিছতেই সেই স্থানলৈ গৈ থাকোঁতেই এখন পকী দেৱালৰ ওপৰত নাহৰফুটুকী বাঘ প্ৰত‍্যক্ষ কৰে।

উল্লেখ‍্যযোগ‍্য যে স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো বন বিভাগে বাঘ ধৰিবলৈ কোনো ধৰণৰ তৎপৰতা প্ৰদশন কৰা নাই। যাৰ পৰিপেক্ষিতত প্ৰায়ে অঞ্চলটোত কেইবাটাও নাহৰফুটুকী বাঘে অঞ্চলতোৰ ৰাইজৰ পোহনীয়া গৰু, ছাগলী, গাহৰি, কুকুৰ, হাহঁ, কুকুৰা আদি ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

বাঘৰ আতংকত দিন পাৰ কৰিবলগীয়া হৈছে ২নং ছলাকটকীবাসী ৰাইজে। সময় থাকোঁতেই বন বিভাগক পিঞ্জৰা সংস্থাপিত কৰি বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ দাবী জনাইছে ।

Niyomiya Barta Desk, 5 September

You might also like