বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ’ল ডিফু মেডিকেল কলেজ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃদেশত মাৰাত্মক কৰ’না ভাইৰাছৰ বিভীষিকা। এই সংকটৰ মাজতে বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ’ল ডিফু মেডিকেল কলেজ। ২০১১ চনত ১৯ জানুৱাৰীত চিকিৎসালয়ৰ খনৰ আধাৰশিলা স্থাপন কৰিছিল ড০ হিমন্তবিশ্ব শৰ্মাই। ৯ বছৰ অপেক্ষাৰ অন্তত পূৰণ হ’ল কাৰ্বি আংলংবাসীৰ সপোন। মঙলবাৰে মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়া (MCI)ৰ পৰা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিলে অনুমতি। বুধবাৰৰ পৰা আনুষ্ঠানিক ভাৱে মুকলি হল ৩০০ বিছনাযুক্ত ডিফু মেডিকেল কলেজ। উল্লেখ্য যে ডিফু মেডিকেল কলেজ খনত মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়াৰ অনুমতি লৈ ২০১৯ চনৰ ২৫ নৱেম্বৰৰ পৰা চলি আছিল বহিঃবিভাগ। মেডিকেল কলেজত ইতিমধ্যেই নিযুক্তি দিয়া হৈছে ৪৪ গৰাকী জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসক। কৰ্মৰত হৈ আছে ২০৫ গৰাকী নাৰ্ছ, ৮৭ গৰাকী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী। ডিফু মেডিকেল কলেজত আছে ৫৮ গৰাকী অধ্যাপক।
২০২০-২১ বৰ্ষৰ বাবে এই চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব ৷