২২ ছেপ্টেম্বৰত BTR-ত চৰকাৰী বন্ধ ঘোষণা
বিটিচি নির্বাচনৰ ভোটগ্রহণৰ দিনা অর্থাৎ অহা ২২ ছেপ্টেম্বৰত BTR-ত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে৷ সেইদিনা বিটিআৰত থকা সকলো চৰকাৰী–বেচৰকাৰী কার্যালয়, শিক্ষা প্রতিষ্ঠান আৰু বেংক–চাহ বাগিচাসহ বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব৷
এই সন্দর্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগ (জিএডি)–এ আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে৷ নির্দেশনাটোত উল্লেখ কৰা মতে এনআই এক্ট ১৮৮১ৰ অধীনত বিটিচি নির্বাচনৰ দিনা বিটিআৰত ঘোষণা কৰা হৈছে এই বন্ধ৷
উল্লেখ্য যে অসম ৰাজ্যিক নির্বাচন আয়োগে যোৱা ২৬ আগষ্টত বিটিচি নির্বাচনৰ অধিসূচনা জাৰি তথা সময়সূচী প্রকাশ কৰে৷ ইতিমধ্যে যোৱা ২ ছেপ্টেম্বৰত মনোনয়ন দাখিল প্রক্রিয়াৰ অন্ত পৰিছে৷ কালি মনোনয় পত্রসমূহ পৰীক্ষা কৰাৰ লগতে বৈধ প্রার্থীসকলৰ তালিকা প্রকাশ কৰা হয়৷ কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন৷
তদুপৰি প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীসকলৰ তালিকা প্রকাশ কৰা হ’ব৷ ২২ ছেপ্টেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পাছত গণনাৰ দিন ঠিক কৰা হৈছে ২৬ ছেপ্টেম্বৰ৷ সমগ্র নির্বাচনী প্রক্রিয়াটো ২৮ ছেপ্ঢেম্বৰৰ পূর্বে সামৰণি পৰিব৷
Niyomiya Barta Desk, 6 September