২১ নৱেম্বৰত ছবিঘৰলৈ বহুপ্রতীক্ষিত ছবি ককাদেউতা নাতি আৰু হাতী ২
ককাদেউতা নাতি আৰু হাতী ২ : অহা ২১ নৱেম্বৰত ছবিগৃহলৈ আহিব প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত নির্মিত বহুপ্রতীক্ষিত ছবি ‘ককাদেউতা নাতি আৰু হাতী ২’৷ ছবিখনৰ পোষ্টাৰ মুকলি কৰি এই কথা ঘোষণা কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷ বহুপ্রতীক্ষিত ছবিখন সন্দর্ভত তেওঁ কয় যে বহু আশা আৰু উৎসাহেৰে ছবিখন নির্মাণ কৰা হৈছে৷ বলীউডৰ ছবিক প্রত্যাহ্বান জনাব পৰাকৈ এই ছবিখন নির্মাণ কৰা হৈছে৷
আমি সফল হোৱাৰ আশা কৰিছোঁ৷ ইতিমধ্যে এই ছবিখনে এটা বুৰঞ্জীৰ সৃষ্টি কৰিছে৷ দর্শকে ছবিখন চোৱাৰ পাছত কেতিয়াও যাতে তাক পাহৰিব নোৱাৰে, তেনে চিন্তাক সাৰোগত কৰিয়েই ছবিখন নির্মাণ কৰা হৈছে৷ নির্মীয়মাণ ছবিখনত অত্যাধুনিক বহু উন্নত প্রযুক্তি ব্যৱহাৰ কৰাৰ লগতে বলীউডৰ বহু নামী–দামী কাৰিকৰী বিশেষজ্ঞই ছবিখনৰ কাম কৰিছে৷
ৰাইজে সঁচা অর্থত এখন উন্নত মানৰ অসমীয়া ছবি চাবলৈ সক্ষম হ’ব৷ তেওঁ ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাৰ লগতে আন সকলো কলা–কুশলীৰ সহযোগিতাৰ শলাগ লয়৷ অসমবাসী ৰাইজৰ আশীর্বাদ বিচৰাৰ লগতে সকলোকে ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাইছে ৰিণিকি ভূঞা শর্মাই৷
অনুষ্ঠানটোত অংশ লৈ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক তথা নির্মীয়মাণ ছবিখনৰ কার্যবাহী প্রযোজক জাৰিৰ হুছেইনে ছবিখনৰ সৈতে জড়িত বহু পৰিকল্পনাৰ কথা অৱগত কৰে৷ তেওঁ কয় যে ছবিখনৰ কেইবাটাও বৈশিষ্ট্য আছে৷ এক বৃহৎ প্রত্যাহ্বান আমি লৈছোঁ৷ তিনিটা প্রজন্মৰ অভিনেতাই ছবিখনত অভিনয় কৰিছে৷ অসমৰ ৰাইজৰ বাবে এখন উন্নত মানৰ ছবি হিচাপে ‘ককাদেউতা নাতি আৰু হাতী ২’ পৰিগণিত হ’ব৷
ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই কয় যে ছবিখনক লৈ আমি খুবেই আশাবাদী৷ দ্রুতগতিত সকলো কাম চলি আছে৷ আজি পোষ্টাৰ মুকলি কৰা হৈছে৷ পৰৱর্তী সময়ত ছবিখনৰ ট্রেইলাৰ আৰু টিজাৰো ৰাইজৰ বাবে মুকলি কৰা হ’ব৷ অসমীয়া ছবিজগতত এটা মাইলষ্ট’ন হিচাপে এই ছবিখন পৰিগণিত হ’ব৷
নির্মীয়মাণ ছবিখনৰ বহুকেইটা দিশৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে এটা বেলেগ পৰিৱেশত ছবিখনৰ কাহিনী আৰম্ভ হৈ আন এটা বেলেগ পৰিৱেশত সমাপ্তি ঘটিব৷ ৰাইজে এক বিশেষ অনুভৱ ছবিখনৰ পৰা লাভ কৰিবলৈ সক্ষম হ’ব৷ ভাষণ প্রসংগত পৰিচালক বৰাই ভাৰতীয় ছবিজগতৰ অন্যতম এডিটৰ শ্বেতা ভেংকটৰ কথা উল্লেখ কৰি কয় যে ছবিখনক লৈ বহু ধুনীয়া মন্তব্য শ্বেতা ভেংকটে আগবঢ়াইছে৷ ছবিখনৰ সম্পাদনাৰ কাম তেওঁ কৰি আছে৷ অসমীয়া ভাষা তেওঁ বুজি নাপায় যদিও ছবিখনৰ কাহিনী খুব সাৱলীল আৰু ধুনীয়া হ’ব বুলি ভেংকটে মন্তব্য কৰিছে৷
ছবিখনক লৈ খুব আশাবাদী হোৱা এডিটৰ শ্বেতা ভেংকটে তেওঁক ছবিখন সম্পাদনা কৰিবলৈ দিয়াৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে নির্মীয়মাণ ছবিখনৰ চিত্রগ্রহণ প্রায় সমাপ্তিৰ দিশে আগবাঢ়িছে যদিও অন্তিম এটা দৃশ্য মুম্বাইত দৃশ্যগ্রহণ কৰিবলৈ বাকী আছে৷ আগন্তুক কেইদিনমানৰ ভিতৰতে এই কামখিনি সম্পূর্ণ কৰাৰ লগতে বলীউড আৰু দাক্ষিণাত্যৰ বহুকেইগৰাকী একচন ডাইৰেক্টৰ ছবিখনত পুনৰ জড়িত হ’ব বুলি পৰিচালক বৰাই মন্তব্য কৰে৷
ছবিখনৰ অন্যতম নাম ভূমিকাত অভিনয় কৰা অভিনেতা উৎপল দাসে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সৈতে তেওঁৰ এয়া তৃতীয় প্রকল্প বুলি উল্লেখ কৰে৷ তেওঁ কয় যে প্রাইড ইষ্টৰ সৈতে ‘ৰামধেনু’ৰ জৰিয়তে সম্পর্কৰ আৰম্ভণি হৈছিল৷ তাৰ পিছত ‘পৰিচয়’ আৰু এইবাৰ ‘ককাদেউতা নাতি আৰু হাতী ২’৷ এই প্রকল্পটোৱে দর্শকৰ মন–মগজুত এটা বিশেষ স্থান লাভ কৰিব বুলি মন্তব্য কৰি অভিনেতা উৎপল দাসে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সৈতে জড়িত হ’বলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰিছে৷
ছবিখনত অভিনয় কৰা অভিনেত্রী প্রীতিকংকনাই নতুন আৰু পুৰণিখিনিৰ সংমিশ্রণেৰে এটা ধুনীয়া পৰিৱেশ ছবিখনত গঢ়ি তোলা হৈছে বুলি কয়৷ এই পৰিৱেশ অসমৰ ৰাইজে প্রত্যক্ষ কৰি যথেষ্ট ভাল পাব বুলি তেওঁ মন্তব্য কৰে৷ ছবিখনক লৈ খুব আগ্রহী বুলি মন্তব্য কৰিছে গায়িকা নাহিদ আফ্রিনে৷ আজিৰ পোষ্টাৰ মুকলি অনুষ্ঠানটোত ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰা, অভিনেতা উৎপল দাস, অভিনেত্রী প্রীতিকংকনা, গায়িকা নাহিদ আফ্রিনৰ লগতে বিশিষ্ট অভিনেত্রী চেতনা দাস, মৃদুলা বৰুৱা, কাশ্মীৰী শইকীয়া, পূর্ণিমা শইকীয়া, নাট্যকাৰ বাহাৰুল ইছলাম, অভিনেতা অৰুণ হাজৰিকা, আঙুৰলতা ডেকা, মঞ্জুলা হাজৰিকা, মালবিকা বৰা, অসম চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, প্রাক্তন সাংসদ কুইন ওজা, সাংস্কৃতিক কর্মী নয়ন প্রসাদ, বিশিষ্ট সাংবাদিক ৱাছবিৰ হুছেইন আদিৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
উল্লেখ্য যে ১৯৮৩ চনত ‘ককাদেউতা নাতি আৰু হাতী’ ছবিখনে অসমীয়া ছবিজগতত এটা ইতিহাসৰ সৃষ্টি কৰিছিল৷ উক্ত ছবিখনৰ ছিকুৱেল হিচাপে নির্মাণ কৰা হৈছে ‘ককাদেউতা নাতি আৰু হাতী ২৷
Niyomiya Barta Desk, 6 September