ইউক্রেইনৰ সচিবালয়ত ৮০৫ ড্রোন, ক্ষেপণাস্ত্রৰ আঘাত : তিনি বছৰীয়া যুদ্ধৰ আটাইতকৈ ভয়াৱহ আক্রমণ ৰাছিয়াৰ
নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ বাবে বিভিন্ন পক্ষই মধ্যস্থতাৰে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে দেওবাৰে তিনিবছৰীয়া যুদ্ধৰ সর্ববৃহৎ আক্রমণ চলায় পুটিন বাহিনীয়ে৷ মস্কোৱে ইউক্রেইনৰ সচিবালয়কে ধৰি ৰাজধানী কিয়েভৰ কেইবাটাও স্থানত ৮০৫টা ড্রোন আৰু মিছাইলেৰে ধাৰাবাহিক আক্রমণ কৰে৷ ৰাছিয়াৰ আক্রমণত ইউক্রেইনৰ সচিবালয় ধ্বংস হোৱাৰ লগতে সমগ্র আকাশ ক’লা ধোঁৱাই আগুৰি ধৰে৷ এই ঘটনাত এটি এবছৰীয়া শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হয়৷
শনিবাৰে নিশাৰে পৰা ৰাছিয়াই ইউক্রেইনৰ ওপৰত আক্রমণ চলায়৷ ইউক্রেইনৰ প্রধানমন্ত্রী ইউলিয়া শ্বিৰিডেংকোৱে কয়– ৰাছিয়াই প্রথমবাৰৰ বাবে প্রশাসনিক ভৱনত আক্রমণ কৰিছে৷ বিশ্ববাসীৰ প্রবল চাপৰ সন্মুখীন হৈ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইনৰ ৰাষ্ট্রপতি ভল’ডিমি জেলেনস্কীক শান্তি আলোচনাৰ বাবে মস্কোলৈ আমন্ত্রণ জনাইছে যদিও তেওঁৰ চর্ত মানি ল’বলৈ অস্বীকাৰ কৰে জেলেনস্কীয়ে৷ ইয়াৰ বিপৰীতে জেলেনস্কীয়ে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনক কিয়েভত আলোচনা হ’ব লাগে বুলি জনায়৷ ইয়াৰ পিছতে মস্কোৱে ইউক্রেইনত এই বৃহৎ আক্রমণ সংঘটিত কৰিছে৷
উল্লেখ্য যে ২০২২ চনৰ ২২ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাছিয়া–ইউক্রেইন যুদ্ধ শাম কটাৰ বাবে একাধিক পদক্ষেপ লোৱাৰ পিছতো দেশ দুখনৰ ৰাষ্ট্ৰপতি আলোচনাৰ বাবে মিলিত হোৱা নাই৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আলাস্কাত তিনিঘণ্টাজোৰা বৈঠকৰ পিছত পুটিনে দিয়া চর্ত মানি লোৱা নাই জেলেনস্কীয়ে৷ ইফালে, ৰাছিয়াৰ আক্রমণৰ প্রতিশোধ ল’বলৈ কিয়েভে ৰাছিয়াৰ ব্রায়’নাস্ক অঞ্চলৰ ড্রুজবা তেল পাইপলাইনত আক্রমণ কৰে৷ এই আক্রমণৰ ক্ষয়–ক্ষতিৰ তথ্য লাভ কৰা নাই৷