নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী হিংসা, BPF-ৰ কাৰ্যালয়ত অগ্নিসংযোগ

বাক্সাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অদালবাৰীত সংঘটিত হয় নিৰ্বাচনী হিংসা। দুৰ্বৃত্তই ভাঙিলে অদালবাৰীৰ বিপিএফৰ মুখ্য কাৰ্যালয়ৰ দৰ্জা-খিৰিকী, আচবাব,দুচকীয়া বাহন।

বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ সময়তে নিৰ্বাচনী হিংসাত্মক কাৰ্য সংঘটিত হৈছে বাক্সাৰ অদালবাৰীত।

নিশা প্ৰায় আঢ়ৈমান বজাত দুৰ্বৃত্তৰ দলে অদালবাৰীৰ বিপিএফৰ স্থায়ী কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ দৰ্জা-খিৰিকী ভঙাৰ লগতে অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ-পোষ্টাৰ ফালি অগ্নিসংযোগ কৰে। এখন স্কুটীৰ ক্ষতি কৰে দুৰ্বৃত্তৰ দলটোৱে।

এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰে ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম বাহিনী।

নিশা সুৰামত্ত অৱস্থাত এই দুস্কাৰ্য সংঘটিত কৰাৰ অভিযোগ কৰে বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই।

ঘটনা সম্পৰ্কত মুছলপুৰ থানাত এজাহাৰ দিব বুলি মন্তব্য কৰে বিপিএফ নেতৃত্বই।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ

You might also like