নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত আৰক্ষীৰ জালত দুই ভুৱা চিকিৎসক

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। কাছাৰ আৰক্ষীৰ অভিযানত জিলাত ইজনৰ পাছত সিজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। যোৱাকেইদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ দুজনকৈ মুন্না ভাই MBBS অৰ্থ্যৎ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে।

Assam Council of Medical Registration (ACMR)ৰ অভিযোগৰ ভিত্তিত কাছাৰৰ সোনাইত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উমা শংকৰ সিনহা আৰু জহিৰুল বৰভূঞা নামৰ দুই ভুৱা চিকিৎসকক।

জানিব পৰা মতে, কাছাৰৰ সোনাই কাবুগঞ্জত মানস মেডিকেল হল নামৰ এখন ফাৰ্মাছীত অভিযান চলাই উমা শংকৰ সিনহা নামৰ ভুৱা চিকিৎসকজনক আৰু সোনাই কাপ্তানপুৰত এখন ফাৰ্মেছিত অভিযান চলাই জহিৰুল বৰভূঞা নামৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ধৃত দুই ভুৱা চিকিৎসকে ভুৱা MBBSৰ ডিগ্ৰী লৈ দীৰ্ঘ দিনৰ পৰা নিজ নিজ অঞ্চলত ৰাইজৰ লগত প্ৰতাৰণা কৰি আহিছিল। বৰ্তমানে দুয়োকে কাছাৰ আৰক্ষীয়ে জেৰা চলাই গৈছে।

উল্লেখ্য যে কাছাৰত এতিয়ালৈকে মোট  ১০জনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। আৰু এই ভুৱা চিকিৎসকৰসকলৰ এক দীঘলীয়া তালিকা কাছাৰ আৰক্ষীয়ে প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে। শীঘ্ৰেই আনসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ব্যবস্থা গ্ৰহণ কৰিব বুলি  জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ

You might also like