জুবিন গাৰ্গৰ পৰলোক : প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ সৰ্বত্ৰ শোক
অসমৰ সংগীতৰ ক্ষেত্রখনলৈ ধুমুহাৰ দৰে দুর্নিবাৰ এক গতি আনি দিছিল তেওঁ৷ গানেৰে, সুৰেৰে, কণ্ঠেৰে, দেশপ্রেমেৰে, অসমৰ জনজীৱন উদ্বেলিত কৰি তুলিব পৰা শিল্পীজনেই হৈছে জুবিন গার্গ৷ অফুৰন্ত, অবিনশ্বৰ প্রতিভাৰ অধিকাৰী জুবিন গার্গক বিদায় জনোৱা নাযায় কোনোপধ্যে৷ তেওঁতো সদায় প্রাসংগিক৷ আমাৰ আত্মাৰ চিৰকালৰ লগৰী তেওঁৰ গানবোৰ৷ আমাৰ সম্পদ তেওঁৰ গানবোৰ৷ জয়ন্ত হাজৰিকাক অকালতে হেৰুওৱাৰ দুখ আমি অসমীয়াই এতিয়াও সহি সামৰি উঠিব পৰাহ নাই৷ সাগৰতলিত শুবৰে মন বুলি গোৱা শিল্পীগৰাকী সঁচাকৈয়ে সাগৰতলিতে শুই পৰিল চিৰদিনলৈ৷ এই কথা আমি মানি লওঁ কেনেকৈ? এই সত্য সহোঁ কেনেকৈ?
মণিকা দেৱী
এটা অভিশপ্ত দিন৷ কোটি কোটি মানুহক কন্দুৱাই হঠাৎ গুচি গ’লগৈ মানৱপ্রেমী ব্যক্তিজন৷ মনটোৱে মানিবলৈ টান পাইছে৷ হূদয়স্পর্শী এক সুকীয়া কণ্ঠেৰে সমগ্র দেশখনতে নিজক প্রতিষ্ঠা কৰি তোলা মহান শিল্পীগৰাকী অকস্মাৎ কিয় গুচি গ’লগৈ? যিখন অসমৰ গাঁৱে–ভূৱে, নগৰে–চহৰে বাজি থকা গীতসমূহৰ প্রায় ৮০ শতাংশই আছিল জুবিনদাৰ, যিখন ৰাজ্যত যাত্রা আৰম্ভ কৰাৰ পৰা গন্তব্য স্থান পোৱালৈকে এখন বাহনত অধিকাংশ গীত বাজি উঠে কেৱল জুবিনদাৰ, য’ত বিবাহে–উৎসৱে অধিকৰূপে বাজে কেৱল জুবিনদাৰ গীত– সেইজন মানুহৰ বিদায় বার্তা আজি কি মুখে গ্রহণ কৰিব অসমে? সঁচাকৈয়ে নিষ্ঠুৰ নিয়তিয়ে কুঠাৰাঘাত কৰিলে কোটি কোটি মানুহৰ মনত৷ কেতিয়াও ভবা নাছিলোঁ ইমান সোনকালে এনে এক হূদয়বিদাৰক বতৰা পাম বুলি৷ সহস্রজনৰ জীৱন উদ্ধাৰৰ নিমিত্তে হাতত থকা সর্বস্ব দান কৰি অহা ব্যক্তিগৰাকীক এনেদৰে সময়ে অকালত লৈ যাব নালাগিছিল৷ যুগজয়ী অজস্র গীতেৰে প্রায় তিনিটা দশক দেশৰ অগণন জনগণক মন্ত্রমুগ্ধ কৰি অহাৰ লগতে সদায় দৰিদ্র, আর্তজনৰ কাষত স্তম্ভৰূপে থিয় দি থকা মানুহজন নাই৷ ক’বলৈ আৰু শব্দ বিচাৰি পোৱা নাই৷ এটা যুগৰ অৱসান ঘটিল৷ অদৃশ্যজনৰ ওচৰত প্রার্থনা যাচিছোঁ, মানুহজনক যেন ওপৰত কষ্ট নিদিয়ে তেখেতৰ বিদেহ আত্মাক যেন সুখেৰে ৰাখে৷
ড০ অম্বৰীষ অধ্যাপক
বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ অসমৰ সংগীত জগতৰ তেওঁ আছিল এক অসাধাৰণ ব্যক্তিত্ব, এক অনন্য প্রতিভাধৰ গীতিকাৰ, সুৰকাৰ, গায়ক৷ আশী আৰু নব্বৈ দশকত অসমৰ সমাজ–ৰাজনীতি দ্রুতগতিত সলনি হৈছিল৷ সময় হৈ উঠিছিল অস্থিৰ, নির্মম, ৰক্তাক্ত আৰু আস্থাহীন৷ তেনে সময়তে জুবিন গার্গে গান গাবলৈ লৈছিল, লিখিবলৈ লৈছিল৷ মই কেতিয়াবা ভাবোঁ– নব্বৈ দশক বা তাৰ পিছৰ কালত শৈশৱ–কৈশোৰ কটোৱা প্রজন্মটোৰ জুবিন গার্গৰ লগত ইমান আত্মিক সংযোগ কিয়? কিয় ইমান আকুলতা? কেতিয়াবা কিয় জুবিন নামটোতেই ইমান অপাৰ উন্মাদনা? জুবিন গার্গৰ গায়কী উচ্চখাপৰ৷ শৈলীত আছিল পশ্চিমীয়া প্রভাৱ, তাৰ পিছতো লোক জীৱনৰ লগত তেওঁৰ নিবিড় সম্পর্ক৷ প্রেম, ৰোমাণ্টিকতা, বিদ্রোহ–যৌৱনৰ সমস্ত ঐশ্বর্যক জুবিন গার্গে তেওঁৰ গানত ঠাহ দিছিল৷ কিন্তু কেৱল সেই বাবেই জুবিন এটা প্রজন্মৰ উন্মাদনা হৈ পৰিছিলনে? আচলতে জুবিনৰ গানৰ মাজত এই প্রজন্মটোৱে নিজৰ প্রতিবিম্ব দেখিছিল৷ ঔষধৰ দৰে আছিল গানবোৰ৷ মোহভংগৰ কেইবাটাও স্তৰ পাৰ হৈ অহা, কোনো আদর্শত অটল বিশ্বাস ৰাখিব নোৱাৰা এই প্রজন্মটোৰ সন্মুখত কেতিয়াও কোনো সর্বশেষ সত্য নাছিল৷ জুবিন গার্গ বিংশ শতিকাৰ অসমৰ সংগীতসূর্য ভূপেন হাজৰিকাৰ উত্তৰাধিকাৰী নাছিল৷ যদিও অসমৰ ৰাহজে কেতিয়াবা তেওঁ সেই উত্তৰাধিকাৰ বহন কৰাটোও বিচাৰিছিল৷ কিন্তু সংগীত আৰু দর্শন– এফালৰ পৰাও তেওঁ সেই উত্তৰাধিকাৰ বহন কৰা নাই বা কৰিব বিচৰাও নাছিল৷ জ্যোতি–বিষ্ণু–হেমাংগ সৃষ্ট সাংস্কৃতিক ধাৰাটোত জুবিন গার্গক অন্তর্ভুক্ত কৰা নাযায়৷ সংগীতৰ দর্শনৰ ফালৰ পৰা তেওঁ গণশিল্পী নহয়৷ কিন্তু এইটো সঁচা যে ৰাইজৰ মৰম, অনুৰাগ আৰু স্নেহ তেওঁৰ দৰে এই যুগত অসমৰ কোনো শিল্পী–সাহিত্যিকে পোৱা নাই৷ তাৰ মূল কথাটো হ’ল– বিশ্বায়ন পৰৱর্তী সময়ৰ, অস্থিৰ যুগৰ তৰুণ–তৰুণীৰ মনৰ পৃথিৱীখন হয়তো তেওঁৰ দৰে কোনেও বুজি পোৱা নাই৷ তেওঁ আধুনিক যুগৰ আধুনিক মননৰ শিল্পী আছিল৷ সেয়ে ‘জুবিন’ নামটো কেতিয়াবা এই প্রজন্মৰ বাবে সন্মোহন, কেতিয়াবা প্রেম আৰু কেতিয়াবা এক ৰাজহুৱা উন্মাদনা৷ তেওঁৰ ব্যক্তিগত জীৱন–যাপনৰ অসাধাৰণত্বয়ো তেওঁৰ প্রতি সকলোৰে মনত এক চুম্বকীয় আকর্ষণ দিছিল৷ জুবিন গার্গৰ অকাল–আকস্মিক মৃত্যুৰ খবৰ সমগ্র অসমবাসীৰ বাবে শোকৰ খবৰ৷ আজিৰ দিনটো শোকৰ দিন৷ এহ শোক এদিন হয়তো স্তিমিত হৈ আহিব৷ জুবিন গার্গ আৰু তেওঁৰ সংগীতক এটা প্রজন্মৰ, এছোৱা সময়ৰ প্রতিনিধি হিচাপে অনন্ত কাললৈ জীয়াহ ৰখাৰ অনুশীলনো কিন্তু অসমীয়া জাতিয়ে কৰিব লাগিব৷ জুবিন গার্গ বুলিলেই মোৰ সদায়েই তেওঁৰ বহেমিয়ান, শিশুসুলভ শিল্পীসত্তাক ধৈর্য আৰু আদৰেৰে লালন–পালন কৰি ৰখা শিল্পীজনৰ জীৱনসংগী গৰিমা শইকীয়া গার্গৰ মুখখনো মনলৈ আহে৷ গৰিমা শইকীয়া গার্গ আছিল বাবেহে জুবিন ‘জুবিন’ হৈ থাকিব পাৰিছিল৷ দুখৰ কথা, দুর্ঘটনাটো তেওঁৰ অনুপস্থিতিত ঘটিল৷ এই কঠিন সময় তেওঁৰ বাবেও বৰ অসহনীয় হ’ব৷ অসমৰ ৰাইজ জুবিন গার্গৰ শোকসন্তপ্ত পৰিয়ালৰ সাহস আৰু শক্তি হৈ থাকক৷
ড০ পঞ্চানন হাজৰিকা
মই অতিশয় মর্মাহত হৈছোঁ৷ জুবিন বহুত গুণী শিল্পী আছিল৷ সঁচা কথা ক’বলৈ গ’লে জুবিনৰ দোষ কিছু আছিল, তেনেদৰেই কিছু উৎপতীয়াও আছিল৷ কিন্তু জুবিনৰ যিখিনি গুণ, সেইখিনি অসমবাসীয়ে নালাগে, ভাৰতবাসীয়েও কেতিয়াও পাহৰিব নোৱাৰে৷ মই দেখিছো যে জুবিনৰ কণ্ঠত এনে এক সুৰৰ যাদু আছে, যিয়ে মানুহক, শ্রোতাক সহজেই আকর্ষণ কৰিব পাৰে৷ কিন্তু জুবিন যে এনে এটা কল্পনা কৰিব নোৱাৰা ঘটনাৰ মুখামুখি হ’ব সেয়াও ভাবিব নোৱাৰি৷ তেওঁৰ স্মৃতিত গভীৰ বেদনা প্রকাশ কৰাৰ লগতে আত্মাৰ সদ্গতি কামনা কৰিছো৷ জুবিনৰ বছা বছা গানসমূহ বাছি লৈ এক আর্কাইভ সৃষ্টি কৰি সকলোৱেই তেওঁৰ প্রতি শ্রদ্ধা জনাব লাগে৷ আজিৰ দিনটো শোক দিৱস হিচাপে গণ্য কৰিব লাগে বুলি মই ভাবোঁ৷ এই সময়ত মোৰ আৰু মনলৈ বেলেগ চিন্তা অহা নাই৷
ড০ নগেন শহকীয়া
জুুবিন গার্গৰ দেহাৱসান– এক অপ্রত্যাশিত, হূদয়বিদাৰক সংবাদ৷ অবিশ্বাস্য এহ খবৰে প্রতিজন অসমীয়াৰ হূদয় বেদনাৰে সিক্ত কৰি তুলিছে৷ নাতিদীর্ঘ জীৱনকালত সংগীতৰ মহাসাগৰত যি অসাধাৰণ প্রতিভাৰ পৰিচয় দি গ’ল, সেয়া চিৰস্মৰণীয় হৈ ৰ’ব৷ সংগীত আছিল শিল্পীগৰাকীৰ জীৱন সাধনাৰ সিন্বুূ৷ অসমীয়া সাংস্কৃতিক জগতখনক বিশ্ব পর্যায়ত উদ্ভাসিত কৰাৰ বাবে চলোৱা প্রয়াস তেওঁৰ শিল্পী জীৱনৰ অনন্য নিদর্শন৷ জুবিন গার্গৰ শৈল্পিক চেতনাৰ মাজত জাতীয়তাবোধৰ বিচৰণে এক সুকীয়া সত্তালৈ ৰূপান্তৰিত কৰিছিল৷ বহুমুখী প্রতিভাধৰ শিল্পী জুবিন গার্গে সংগীতক গণমাধ্যমলৈ লৈ গৈছিল৷ সুললিত কণ্ঠৰে হেজাৰ হেজাৰ শ্রোতাক মন্ত্রমুগ্ধ কৰা শিল্পীগৰাকীয়ে সংস্কৃতিৰ পথাৰখনৰ প্রতিতো ক্ষেত্রত দেখুওৱা দক্ষতা প্রেৰণাৰ অমল ডৎস হৈ ৰ’ল৷ অসমীয়া সংগীতৰ পৰিসীমা অতিক্রমি ভিন্ন ভাষাত গোৱা গানবোৰে অসমীয়াৰ জাতীয় পৰিচয়ত নতুন মাত্রা সংযোজন কৰিছে৷ লোক–সংগীতৰ পৰা আধুনিক সংগীতলৈ বর্ণময় যাত্রা, তেওঁৰ শিল্পী প্রাণৰ অন্যতম লেখতল’বলগীয়া দিশ৷ মানৱতাবোধ আছিল শিল্পীগৰাকীৰ জীৱনবোধৰ অন্যতম বৈশিষ্ট্য৷ অসমীয়া জাতিৰ সংকটৰ সময়ত জুবিন গার্গ হৈ পৰিছিল জনতাৰ কণ্ঠ৷ প্রতিবাদী সত্তাক জাগৰিত কৰি জাতিটোৰ মর্মবেদনাৰ সৈতে সমাহিত হৈছিল৷ অসম আৰু অসমীয়া জাতিৰ প্রতি থকা গভীৰ অনুৰাগৰ বাবে তেওঁ সৃষ্টিৰ পথাৰত এৰি যোৱা সমলসমূহ সদায়ে জনতাৰ হূদয়ত প্রাণৱন্ত হৈ ৰ’ব৷
পুলিন ডেকা
জনপ্রিয় গায়ক জুবিন গার্গৰ আকস্মিক বিয়োগত হতবাক হৈ পৰিছোঁ৷ সংগীতলৈ তেওঁৰ চহকী অৱদানে তেওঁক চিৰস্মৰণীয় কৰি ৰাখিব৷ তেওঁৰ সৃষ্টি সকলো শ্রেণীৰ লোকৰ মাজত অতি জনপ্রিয়৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জনালোঁ৷ ওঁম শান্তি৷
প্রধানমন্ত্রী নৰেন্দ্র মোদী
অসমৰ কলা–সংস্কৃতি জগতৰ উজ্জ্বল নক্ষত্র, যশস্বী শিল্পী জুবিন গার্গৰ আজি ছিংগাপুৰত হোৱা আকস্মিক বিয়োগ অকল্পনীয়, অবিশ্বাস্য আৰু অনাকাংক্ষিত৷ তিনিটা দশকৰো অধিক কালজোৰা অসামান্য শিল্পী জীৱনত জুবিন গার্গে প্রতিটো প্রজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি ৰাখিছিল৷ জনতাক উদ্বেলিত কৰি তুলিব পৰা এক অন্য কণ্ঠৰ গৰাকী জুবিন গার্গৰ সংগীতে সকলো শ্রেণীৰ লোকৰ হূদয় আৰু আত্মাক স্পর্শ কৰিবলৈ সক্ষম হৈছিল৷ সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপত উদ্ভাসিত হ’বলৈ সক্ষম হোৱা বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত অসমে আজি এগৰাকী সু–গায়কক হেৰুৱালে৷ আজন্ম শিল্পী জুবিন গার্গৰ আকস্মিক বিয়োগ ৰাজ্যৰ কলা–সংস্কৃতিৰ ক্ষেত্রখনত যি ৰিক্ত স্থানৰ সৃষ্টি কৰিলে, সেয়া অপূৰণীয়৷ সংগীতৰ ক্ষেত্রখনৰ বাহিৰতো জুবিন গার্গৰ জনতাৰ প্রতি থকা দুর্বাৰ প্রেম কল্পনাতীত আছিল৷ আর্তজনৰ প্রতি সহায় আগবঢ়াবলৈ সদায়ে উন্মুখ হৈ আছিল বিশিষ্ট শিল্পীগৰাকী৷ জুবিন গার্গৰ এই সহূদয়তাৰ নিদর্শন সদায় স্মৰণীয় হৈ ৰ’ব৷ এটা যাদুকৰী কণ্ঠৰ অধিকাৰী জুবিন গার্গে তেওঁৰ অবিস্মৰণীয় সৃষ্টিৰাজিৰ জৰিয়তে চিৰদিন অসমবাসীৰ মাজত জীৱন্ত হৈ থাকিব৷ অফুৰন্ত প্রতিভাৰ অধিকাৰী শিল্পীগৰাকীৰ কর্ম আৰু অৱদানে ৰাজ্যৰ নৱপ্রজন্মৰ শিল্পীসকলক সদায়ে অনুপ্রাণিত কৰি যাব৷ প্রয়াত জুবিন গার্গৰ শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
ড০ হিমন্ত বিশ্ব শর্মা
ম’বাইলতে খবৰটো পালোঁ৷ প্রথমে বিশ্বাস কৰা নাছিলো৷ যেতিয়া সকলো ফালৰ পৰা খবৰটো আহিল, তেতিয়া মূৰত সৰগ ভাগি পৰিল৷ এক অভাৱনীয় ঘটনা এটা ঘটি গ’ল৷ আমাৰ বংশৰ প্রদীপ এগছি নুমাহ থাকিল৷ প্রদীপ হৈ জ্বলিছিল সি৷ অকালতে নুমালে৷ অকালতে ধুমুহা আহিলে, কিহৰ ধুমুহা আহিলে সেয়া ক’ব নোৱাৰোঁ৷
ৰেণু শর্মা
অভিনেত্রী, জুবিনৰ জেঠায়েক
ছিংগাপুৰত এক দুর্ঘটনাত জুবিন গার্গৰ আকস্মিক বিয়োগৰ বার্তাই হতবাক আৰু স্তব্ধ কৰি তুলিছে৷ মই বৰ দুখ পাইছোঁ৷ তেওঁৰ অসমীয়া সংগীত আৰু সংস্কৃতিলৈ অৱদান অসাধাৰণ৷ তেওঁৰ গীতেৰেই তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব৷ প্রিয় জুবিন মই প্রেম আৰু ভালপোৱাৰে তোমাক সদায় মনত ৰাখিম৷ তেওঁৰ শিল্পী আত্মা শান্তিৰে জিৰণি লওক, ভগৱানে তেওঁৰ আত্মাক সদ্গতি দিয়ক৷ বিদায় জুবিন৷ যেতিয়ালৈকে আমি সিপাৰে লগ নাপাম, তোমাৰ সুন্দৰ কণ্ঠৰ গান গাই থাকিম আৰু ভগৱানক সুখী কৰিম৷
আদিল হুছেইন