Live Update : অসমৰ ৰত্ন আজি আমাৰ মাজত নাই … মৃত্যু জিনি অমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ
জুবিনৰ মৃত্যুত ৰাজ্য়িক শোক
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত ৩ দিনীয়া ৰাজ্যিক শোক
২১, ২২ আৰু ২৩ ছেপ্টেম্বৰত ৰাজ্যিক শোক ঘোষণা
জুবিনৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰস্তাৱ অসম কৃষি বিশ্ববিদ্যালয়ৰ
দিল্লীত জুবিন গাৰ্গৰ নশ্বৰ দেহ চমজি ল’ব মুখ্যমন্ত্ৰীয়ে
নিশা ১১ বজাত এয়াৰ ইণ্ডিয়া বিমানেৰে দিল্লী পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ। দিল্লীত জুবিন গাৰ্গৰ নশ্বৰ দেহ চমজি ল’ব মুখ্যমন্ত্ৰীয়ে। কিছু সময়ৰ পিছতে দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী।
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন
সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। গতাই দিয়া হ’ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। জুবিন গাৰ্গৰ সহযোগী শ্বেখৰ গোস্বামী, সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হয় নশ্বৰ দেহ। ভাৰতীয় দূতাৱাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ।
মুখ্যমন্ত্ৰী ঘোষণা
তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব।
জুবিন গাৰ্গৰ সৈতে থকা ১৫জনকৈ ব্যক্তিক
ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে য়টত জুবিন গাৰ্গৰ সৈতে থকা ১৫ জনকৈ ব্যক্তিক।জুবিন গাৰ্গৰ মৃত্যুৰ অপৰাধমূলক তদন্ত আৰম্ভ ছিংগাপুৰ আৰক্ষীৰ।
আজি পুৱতিনিশা গুৱাহাটী পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ
আজি পুৱতি নিশা গুৱাহাটী পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ।
ইয়াৰ পিছতে এঘণ্টাৰ বাবে ৰখা হ’ব কাহিলিপাৰাৰ ঘৰত।
কাহিলিপাৰাত কেৱল পৰিয়ালৰ লোকেহে শ্ৰদ্ধাঞ্জলি দিব পাৰিব।
পুৱা ৬-৭ বজাত নিয়া হ’ব সৰুসজাই ষ্টেডিয়ামলৈ।
সৰুসজাইত সাধাৰণ ৰাইজে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।