নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণত স্তব্ধ অসম

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰ : সকলো যেন আজি থমকি ৰৈছে! প্ৰাণৰ শিল্পী তথা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছিংগাপুৰত আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্র দেশ তথা ৰাজ্য।

উল্লেখ্য যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈ সমুদ্রৰ বক্ষত দুৰ্ঘটনাত আকস্মিক মৃত্যুক সাবটি ল’ব লগা হোৱা হাজাৰ হাজাৰ অনুৰাগীৰ হিয়াৰ আমঠু জুবিনৰ এই আকস্মিক মৃত্যুক সহজে মানি ল’ব পৰা নাই ৰাজ্যবাসীয়ে।

হঠাৎ ঘটি যোৱা জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি কান্দোনৰ ৰোল উঠে। কোনেও স্বীকাৰ কৰিব নোৱাৰা খবৰটোৱে নিমিষতে স্তব্ধ কৰি পেলায় ৰাজ্যৰ চৌদিশ। শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল কান্দোনৰ ৰোল। আপোন শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত কালি সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্তি প্ৰজ্বলনেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে গুণমুগ্ধই। শিল্পীগৰাকীৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাণৰ শিল্পীগৰাকীৰ অলেখ অনুৰাগীয়ে। গোটেই নিশা ৰাজ্যৰ ৰাজপথত কেৱল জুবিনৰ ফটো লৈ অনুৰাগীৰ হিয়াভৰা কান্দোন।

আজিও পুৱাৰে পৰা সমগ্ৰ ৰাজ্য ডুব যায় শোকসাগৰত। স্বত:স্ফূৰ্তভাৱে বন্ধ হৈ পৰে সকলো দোকান-পোহাৰ, কাৰ্যালয়। প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাৰ কথা হয়তো কোনোৱে স্বীকাৰ কৰিয়েই ল’ব পৰা নাই।

ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ কাইলৈ পুৱাহে অসম পাবহি। আপোন শিল্পীগৰাকীক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ ৰাজ্যবাসীৰ বাবে অপেক্ষা কৰাটোও টান হৈ পৰিছে। কিদৰেনো বিদায় দিয়ে আপোন শিল্পীগৰাকীক। সমগ্ৰ ৰাজ্য আজি প্ৰাণৰ শিল্পী তথা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানত স্তব্ধ হৈ পৰিছে। সকলো ফালে কেৱল জুবিনক লৈ উচুপনি।

You might also like