বিশেষ বাৰ্তা, যোৰহাট, ২০ ছেপ্টেম্বৰ : অজস্ৰ অনুৰাগীক শোকসাগৰত পেলাই সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অকালতে অজান দেশলৈ গুচি যোৱাত মৰ্মাহত অসমীয়া। এইগৰাকী শিল্পীৰ অন্ত্যোষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন কৰিবৰ বাবে ৰাজ্য চৰকৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে অসম সাহিত্য সভাই।
আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে অসমৰ আকাশৰ এটা উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ খহি পৰিল। জুবিন গাৰ্গে সমগ্ৰ জীৱনটো নিৰলে মানৱ সেৱা কৰি গৈছিল। অসমৰ ৰাইজ, মাটি-পানী থকালৈকে অসমৰ মাটিত জুবিন গাৰ্গ সদায় থাকিব। তেওঁ কয়- জুবিনৰ ঘৰ জাঁজীৰ তামুলীছিগাত আছিল যদিও তেওঁৰ পিতৃয়ে আহি যোৰহাটৰ বঙাল পুখুৰীত থাকিবলৈ ল’লে আৰু তাৰ ফলশ্ৰুতিত জুবিন গাৰ্গ যোৰহাটীয়া হৈ পৰিল। যোৰহাটৰ বঙাল পুখুৰীৰ পূজা মন্দিৰত শিশু জুবিনে প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰিছিল। সকলোৱে জুবিন গাৰ্গক শিশু অৱস্থাতে চিনি পোৱা হৈছিল। জুবিন গাৰ্গৰ প্ৰথম সম্পৰ্ক যোৰহাটৰ লগত । সেয়েহে জুবিনৰ মহাপ্ৰস্থানৰ পিছত প্ৰতিগৰাকী যোৰহাটৰ ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পীগৰাকীৰ সমাধি যোৰহাটতেই হ’ব লাগে বুলি অসম সাহিত্য সভাক জনোৱাৰ বিষয়ে সংবাদ মেলত সদৰী কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সেই অনুসৰি আলোচনা কৰি অসম সাহিত্য সভাই প্ৰস্তাৱটো চৰকাৰলৈ প্ৰেৰণ কৰিছে।