নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ ছেপ্টেম্বৰ, আহিন মাহৰ ৫ তাৰিখ
সোমবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই

মেষ : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

বৃষ : ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ৫৷

মিথুন : বৈষয়িক অৱস্থাৰ স্বপ্লাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মত বিৰোধ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷

কর্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ গৱেষকসকলৰ সাফল্য লাভ৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

সিংহ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

কন্যা : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি বুলি ক’ব পাৰি৷ হেৰোৱা সম্পত্তি পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

তুলা : আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধুভাব দুর্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজাই থাকিব৷ ভ্রমণত কষ্ট পাব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ১৷

ধনু : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রে ভ্রমণৰ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷

মকৰ : কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ বিদ্যাত শুভাশুভ ফল৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

কুম্ভ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয়ৰ যোগ৷ আর্থিক দিশত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মীন : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ২৷

You might also like