নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাদা ছিংগাপুৰত ঢুকাল, কিন্তু ইয়াত থাকিলেও ঢুকালে হয়ঃ শেখৰৰ মহাবিস্ফোৰণ

অসমবাসী শোকার্ত হৈ থকাৰ সময়তে ভাইৰেল হোৱাটছএপৰ বার্তালাপৰ চাঞ্চল্যকৰ স্কীনশ্বট

হাস্পতাল গৈ নাপালেই, ৰিপ’ৰ্ট বনাবলৈহে লৈ গৈছিল

দাদা ইণ্টাৰনেলি একেবাৰে ঠিক নাছিল

তেওঁ পইচা বনোৱা মেচিন টাইপ ইউছ হ’ল

দাদাৰ ফোনটো ৰাখি থৈছে সিদ্ধার্থই

সন্দীপনক নিদিলে বৌকো কালি বাইটটো সিয়েই দিয়াইছে

ছিংগাপুৰত প্রাণৰ শিল্পী জুবিন গার্গৰ দুর্ভাগ্যজনক–কাল বিয়োগত শোকার্ত সমগ্র ৰাজ্যবাসী৷ অসমলৈ অনাৰ পিছত জনসমুদ্রই জনপ্রিয় শিল্পীগৰাকীলৈ অন্তিম শ্রদ্ধা নিবেদন কৰি থকাৰ মাজতে সামাজিক মাধ্যমত দাদা ছিংগাপুৰত ঢুকাল, কিন্তু ইয়াত থাকিলেও ঢুকালে হয়। এক চাঞ্চল্যকৰ তথা বিস্ফোৰক হোৱাটছএপ বার্তালাপৰ কেতবোৰ স্কীনশ্বট ভাইৰেল হৈ পৰিছে৷

জনৈক শেখৰদা আৰু অন্য এজন ব্যক্তিৰ মাজত হোৱা এই বার্তালাপৰ মাজত জুবিন গার্গৰ ছিংগাপুৰত ঘটা দুর্ভাগ্যজনক বিয়োগৰ সৈতে সামঞ্জস্য থকা বুলি ব্যাপক চর্চা হৈছে সামাজিক মাধ্যমত৷ অৱশ্যে এই বার্তালাপত জুবিন গার্গৰ নাম স্পষ্টভাৱে উল্লেখ নাই৷ কিন্তু ‘দাদা’ বুলি লিখা থকা শব্দটো আৰু ব্যক্তিজনে জুবিন গার্গ বুলি বিভিন্নজনে সামাজিক মাধ্যমত উল্লেখ কৰিছে৷

প্রকৃততে কি আছেনো হোৱাটছএপ বার্তালাপৰ স্কীনশ্বটত৷ ‘শেখৰদা জেড জি’ শীর্ষক একাউণ্টটোৰ সৈতে বার্তালাপ কৰা ব্যক্তিজনৰ তৰফৰ পৰা কোৱা হৈছে– মানুহটোৰ বহু আশা আছিল৷ কেলেই যে গৈছিল…এইবাৰ ‘শেখৰদা জেড জি’ৰ উত্তৰ–সেইটোত মোৰ একো হাত নাই অ’ ভাই৷ তই বুজি পাৱ ন৷ মোৰ যাবৰ মন আছিল৷ ঘৰত প্রব্লেমছ চলি আছিল৷

দাদাই জোৰ কৰি নিলে৷ এইবাৰ আনজন ব্যক্তিৰ মন্তব্য–পানীত নমাটো আপুনি নিব নালাগিছিল৷ লগে লগে ‘শেখৰদা জেড জি’ৰ উত্তৰ– মই নিয়া নাই৷ দাদাই তাতে মানুহৰ লগত প্লেন কৰিছিল৷ দাদাৰ ব্রাদাৰটো গৈছিল৷ তাক ফার্ষ্ট টাইম দেখাব নিছিল৷ মই মানাও কৰিব নোৱাৰোঁ, জোৰো কৰিব নোৱাৰোঁ৷ ইয়াৰ পিছত আনজন ব্যক্তিয়ে লিখিছে–বাট আপুনি আৰু সিদ্ধার্থদায়েতো জানে৷ দাদাক পানী–জুইৰ ৰেষ্ট্রিকচন আছিল৷ এবাৰ যদি ৰিমাইণ্ডাৰ দিলেহেঁতেন৷

এই কথা জানো বুলি কোৱা হৈছে ‘শেখৰদা জেড জি’ৰ তৰফৰ পৰা৷ লগতে কোৱা হয় যে মই প্লেন হওঁতেই কৈছিলোঁ, এইটো প্লেন নালাগে৷ বহুত টাইম এনেয়ে যাব, তাতকৈ আমি মিউজিক দোকানত যাওঁ৷ আনজন ব্যক্তিয়ে এইবাৰ আটাইতকৈ চাঞ্চল্যকৰ–ৰহস্য প্রসংগটো উত্থাপন কৰি কয়–দাদাইতো হাস্পতাল গৈ নাপালেই৷ লগে লগে ‘শেখৰদা জেড জি’ৰ উত্তৰ– নাই অ’, তাতেই নাই দাদা৷ হাস্পতাল লৈ গৈছিল ৰিপ’ট বনাব৷ সিদ্ধার্থ গৈছিল লগত৷ সন্দীপ আৰু মোক যাব দিয়া নাছিল৷ দাদাৰ ফোনটো সিদ্ধার্থই ৰাখিছে৷ সি… তাতো এটিটিউড ফালিব নেৰিলে৷

সন্দীপক নিদিলে, সন্দীপনে খুজিছিল এজ এ ব্রাদাৰ৷ বাট সি নিদিলে৷ বৌকো কালি বাইটটো সিয়েই দিয়াইছে৷ সি কাৰোবাক কৈ কোৱাইছে৷ ‘শেখৰদা জেড জি’ৰ একাউণ্টটোত টকাৰ প্রসংগও উত্থাপন কৰা হৈছে৷ এই সন্দর্ভত কোৱা হৈছে যে দাদাই এবাৰ ৫ কোটি টকাৰ এটা ঘৰে–মাটিয়ে পাইছিল খাৰঘুলিত৷ বেংকে দিছিল৷ বাট কষ্টিং ২০ কোটিৰ৷ দাদাক দিছিল ৫ কোটি৷ কিন্তু দাদাই ল’ব নোৱাৰি কান্দিছিল, খং কৰিছিল৷ কিন্তু হোৱাইট ৩০ কোটিৰ বেপাৰ কৰিব পাৰে৷ হোটেল খুলিব পাৰে৷ তই চাগে জানিছিলি৷ বংকিমদাই জানে৷ জয়ন্তদাই জানে৷ ক’ব সুধিলে৷ ৰেডিমেট বস্তু পালে অংক নহ’ব৷ এতিয়া ৩ কোটি টকাৰ ঘৰত কোন থাকিব৷ দাদাৰ ঘৰলৈ আশা আছিল৷

ডাঙৰ ডাইনিং এখন কিনিম কিনিম কৈছিল… শ্বুটিনত এদিন৷ নিজৰ নিজৰ লাইফ বনাই ল’লে৷ দাদাই জীয়াই থাকিলে, ভালকে থাকিলে হিচাপ সুধিলে হয়৷ ছ’ চবেই ভয় খাই আছিল৷ এতিয়া চব ফ্রী হ’ল৷ এদিয়া দুদিন ৱেইট কৰ৷ গেইম গম পাবি৷ দাদা ছিংগাপুৰত ঢুকাল৷ বাট ইয়াত থাকিলেও ঢুকাল হয়৷ দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল৷ কিবা ক’লে, কয় বেছি জানে নেকি? দাদা পুৰা ফিট, এনেই এনেকৈ থাকে৷ এইবোৰ নক’ব আপুনি৷ আনজন ব্যক্তিয়ে ইয়াৰ মাজতে কয়–মানুহটোৱে একো নাপালে৷

তেতিয়া নির্দিষ্ট একাউণ্টটোৰ পৰা প্রত্যুত্তৰ কিবা ক’লে আকৌ মোৰে পাপ হ’ব বুলি তেওঁ পইচা বনোৱা মেচিন টাইপ ইউছ হ’ল৷ এতিয়া দাদা নাই যিহেতু তাক দৰকাৰ নাই৷ মৰি যাওক সি৷ মইনো কাৰ আশাত গৈছিলোঁ৷ বাট দাদাই মৰিও মোক এৰি নিদি গুৱাহাটীলৈ গুচি আহিল একেলগে৷ ৩ কোটি টকাৰ বটলিং কোম্পানী, ১৫ কোটিটকীয়া হোটেল দাদাৰো নহ’ল জীৱনত৷ গাড়ীৰো ধাৰটো লগাই থৈ গ’ল৷ সি যি কৰিবলৈ আছিল চব কৰি ল’লে৷

আনজন ব্যক্তিয়ে হোটেল ক’ত খুলিলে বুলি প্রশ্ণ কৰাত ‘শেখৰদা জেড জি’ৰ তৰফৰ পৰা উত্তৰ দিয়া হয় ৰয়েল ইউনিভার্ছিটীৰ কাষত৷ এনেধৰণৰ আৰু একাধিক বিস্ফোৰক ভাষ্য লিপিবদ্ধ হৈ আছে হোৱাটছএপ বার্তালাপৰ স্কীনশ্বটত৷ চর্চা অনুসৰি ‘শেখৰদা জেড জি’ একাউণ্টটো হৈছে জুবিন গার্গৰ সহযোগী তথা ছিংগাপুৰলৈ একেলগে যোৱা শেখৰজ্যোতি গোস্বামীৰ৷ অৱশ্যে এই বিষয়টো আৰক্ষী–চিআইডি তথা অনুসন্ধানকাৰী সংস্থাৰ তদন্ততহে স্পষ্ট হ’ব৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২ ছেপ্টেম্বৰ

You might also like