কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে পাব দৰমহা, পেঞ্চনো মুকলি
শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ২০২৫ চনৰ ছেপ্টেম্বৰৰ দৰমহা/পেঞ্চন আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে।
সেই অনুসৰি দৰমহা/পেঞ্চন ১ অক্টোবৰ ২০২৫ৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা দিয়া হবব। কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল দিয়া আৰম্ভ কৰিব।
এই কথা সামাজিক মাধ্যত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ