নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্রথম ব্যক্তি : ৫০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হ’ল এলন মাস্ক

নিউজ ডেস্ক, ৩ অক্টোবৰ : ১০ মাহৰ ভিতৰতে অভিলেখসংখ্যক সম্পত্তিৰ গৰাকী হ’ল উদ্যোগপতি এলন মাস্ক৷ বিশ্বৰ ১ নম্বৰ ধনাঢ্য ব্যক্তি এলন মাস্ক প্রথমবাৰৰ বাবে বিশ্বৰ ৫০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হ’ল৷ বিগত ১০ মাহত উদ্যোগপতি এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ বাঢ়িল ৮ লাখ কোটি টকা৷ যিয়ে বিলিয়নাৰ মাস্কক বিশ্বৰ ৫০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হোৱা প্রথম ব্যক্তি হিচাপে স্বীকৃতি দিয়ে৷

বিগত বর্ষৰ ডিচেম্বৰ মাহত ৪০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হৈ অভিলেখ গঢ়া এলন মাস্কে ১০ মাহৰ ভিতৰত ৫০০ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তিৰ গৰাকী হৈ আন এক অভিলেখ গঢ়িলে৷ বিশ্লেষকৰ মতে, শীঘ্রেই এলন মাস্ক ১,০০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হোৱাৰ সম্ভাৱনা আছে৷ মাস্কৰ সম্পত্তি বৃদ্ধিৰ হাৰ অনুযায়ী ২০৩৩ চনৰ ভিতৰত ১,০০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হ’ব৷ টেছলা, স্পেচএক্সৰ স্বত্বাধিকাৰী মাস্কৰ সম্পত্তিৰ পৰিমাণ ৫০০.১ বিলিয়ন ডলাৰ৷

বুধবাৰে ব্লুমবার্গে প্রকাশ কৰা নতুন প্রতিবেদনত মাস্কে অভিলেখসংখ্যক ধনৰ গৰাকী হৈছে বুলি প্রকাশ কৰিছে৷ মাস্কৰ পিছতেই স্থান লাভ কৰিছে লেৰি এৰিছনে৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৫০ বিলিয়ন মার্কিন ডলাৰ৷ উল্লেখ্য যে কিছুদিন পূর্বে এলন মাস্কক অতিক্রম কৰি লেৰি এৰিছনে বিশ্বৰ ১ নম্বৰ ধনাঢ্য ব্যক্তি হৈছিল যদিও কেইঘণ্টামানৰ পাছতেই পুনৰ এৰিছনক অতিক্রম কৰি মাস্কে বিশ্বৰ ১ নম্বৰ ধনাঢ্য ব্যক্তিৰ স্থান নিজৰ দখললৈ আনে৷ ইয়াৰ পাছতেই মাস্কৰ সম্পত্তি বৃদ্ধি হৈ আন এক অভিলেখ গঢ়ে৷

You might also like