বিশেষ বাৰ্তা, নগাঁও, ৩ অক্টোবৰ : এখন ঐতিহাসিক আৰক্ষী চকী বৰ্তমান এটা ধৰমশালাত ককবকাই থাকিব লগা হৈছে। এই আৰক্ষী চকীখন হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট আৰক্ষী চকী। অসম চৰকাৰে অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়াৰ প্ৰয়াস অব্যাহত ৰখাৰ সময়ত এখন ঐতিহাসিক আৰক্ষী চকীৰ স্থায়ী গৃহ নিৰ্মাণ কৰিব নোৱাৰাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। ১৯৩৩ চনতে ব্ৰিটিছ শাসকে পৰিকল্পিত ৰাজহ টাউন হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পূৰ্বেই অসমৰ মধ্যস্থল কলিয়াবৰৰ শিলঘাটৰ প্রয়োজনীয় আন্তঃগাঁথনি গঢ় দি লৈছিল। পৰৱৰ্তী সময়ত জলপথ, স্থলপথ আৰু ৰে’লপথেৰে সংযোজিত কলিয়াবৰ মহকুমাৰ শিলঘাটত ক্রমান্বয়ে ডাকঘৰ, চিকিৎসালয়, বিদ্যালয় আদিৰ লগতে শান্তি-শৃংখলা ৰক্ষাৰ বাবে ১৯৩০ চনতেই স্থাপন কৰা আৰক্ষী চকীটোৱে সম্প্ৰতি বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সাক্ষী গোপাল হৈ আছে। তাকো দীর্ঘদিন ধৰি ভাৰাঘৰতেই চলি থকা আৰক্ষী চকীটোৱে সম্প্রতি যোৱা কিছু বছৰ ধৰি ভাৰা দিবলৈ অসমর্থ হৈছে। সেইবাবে এতিয়া শিলঘাটৰ ধৰমশালাতে আৰক্ষী চকীটোৰ কাম-কাজ চলাই থকা বুলি জনা গৈছে।
উল্লেখযোগ্য যে চৰকাৰী বিভিন্ন সা-সুবিধাৰ পৰা দীর্ঘদিন বঞ্চিত হ’লেও কিন্তু শিলঘাট আৰক্ষী চকীটোৱে বৃহত্তৰ অঞ্চলবাসীৰ মাজত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। দুখনকৈ বৃহৎ চাহ বাগিচা আৰু শিলঘাট, কামাখ্যা, সোণাৰি গাঁও, মিৰিভেটি, চামধৰা, বাঘৰচুক, চিলাবন্ধা, বিহদুবি, বালিদোৱাৰ, বালিটিকা, মাউতগাঁও আদিকে ধৰি প্রায় ১৮খন বৃহৎ গাঁৱৰ শান্তি-শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰি অহা এই আৰক্ষী চকীৰ এলেকাৰ অন্তৰ্গত অসম সমবায় মৰাপাট কলটোও আছে। আৰক্ষী চকীটোৰ উত্তৰ সীমাত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত অন্তর্ভুক্ত হোৱা মহাবাহু ব্রহ্মপুত্র। ইয়াত প্ৰতিবছৰে বৃহৎ পৰিসৰত অশোকাষ্টমী মেলা আদিও অনুষ্ঠিত হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰা এই অঞ্চলটোত সঘনে চুৰি-ডকাইতিৰ ঘটনা ঘটে। লগতে ইতিপূর্বে কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছে। বন্দুক-বাৰুদ, পৰিবহণৰ ব্যৱস্থা অবিহনেই এজন আৰক্ষী উপ-পৰিদৰ্শক, দুজন কনিষ্টবল আৰু দুজন হোমগার্ড আৰু বেটেলিয়নসহ প্ৰায় ১৫/১৮ আৰক্ষী দলে চলাবলগীয়া হৈছে । এখন বাহন আছে যদিও তাৰো অৱস্থা জৰাজীৰ্ণ। এই আৰক্ষী চকীটোৰ দ্বাৰা বৃহত্তৰ অঞ্চলটিৰ শান্তি-শৃংখলা ৰক্ষা কৰাটো যে সম্ভৱ নহয়, সেয়া নিশ্চিত। ৰাইজৰ নিৰাপত্তাত নিয়োজিত বিভাগীয় এইসকল বিষয়া-কর্মীয়ে সময়ে সময়ে নিজেই নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হয়। যোৱা ৯৫ বছৰ ধৰি চৰকাৰী নিজা ঘৰ নোহোৱাকৈ দীৰ্ঘদিন ভাৰাঘৰত চলা এই আৰক্ষী চকীয়ে বৰ্তমান বহু পুৰণি জৰাজীৰ্ণ এটা ধৰমশালাতে চৰকাৰী-কাম-কাজ চলাই আহিছে। উল্লেখ্য যে ২০০৩ চনৰ ২৪ জুলাইত উত্তৰ-পূবথৰীয়া গাঁও পঞ্চায়তৰ সভাত পঞ্চায়তৰ অধীনত থকা চৰকাৰী এবিঘা পোন্ধৰ লেচা মাটি (দাগ নং ৭১)ত আৰক্ষী চকী স্থানান্তৰ কৰাৰ এটা প্রস্তাৱ লোৱা হয়। এই প্ৰস্তাৱ চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয় যদিও আজি পর্যন্ত তাৰ কোনো ফলাফল পোৱা নগ’ল।
প্ৰেৰক কনক হাজৰিকা