নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি : নগাই জ্বলালে ৯০ৰো অধিক গৃহ

নিয়মীয়া বার্তা, ৩ অক্টোবৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চুঙাজান মিকিৰ ভিলেজ (এম ভি) পঞ্চায়তৰ অন্তৰ্গত টেঙাতল গাঁও উৰফে জালাল বস্তিত নগাই নিশা জ্বলাই দিলে বহু লোকৰ ঘৰ। সংখ্যালঘু মিঞা অধ্যুষিত গাঁওখনত নিশা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি আন্ধাৰৰ সুযোগ লৈ নগা দুৰ্বৃত্তই জ্বলাই দিলে এটাৰ পিছত এটাকৈ গাঁওখনৰ প্ৰায় ৯০টা ঘৰ । বৃহস্পতিবাৰে নিশা প্ৰায় ১১:৩০ বজাত গাঁওখনত বহু অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই প্ৰৱেশ কৰি প্ৰথমে অঞ্চলটোত জধে-মধে গুলীচালনা কৰে । বন্দুকৰ গুলীৰ মাতত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। ৰাতি গভীৰ টোপনিত থকা গাঁৱৰ ৰাইজে গুলীৰ মাত শুনি নিজৰ প্ৰাণ বচাবলৈ ঘৰৰ পৰা কোনো লোকে ধাননি পথাৰত, কোনো লোকে হাবিত আত্মগোপন কৰে । একপ্ৰকাৰৰ অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হয় ৰাতি । প্ৰাণৰ ভয়ত গাঁওখনৰ পৰা পলাই যায় বহু লোকে ।

খবৰ অনুসৰি নিশা ১১:৩০ বজাৰ পৰা প্ৰায় ১ বজালৈকে গাঁওখনৰ সকলো ঘৰ জ্বলাই ছাৰখাৰ কৰে নগা দুৰ্বৃত্তই । অঞ্চলটোৰ বহু লোকৰ মালবাহী গাড়ী, মটৰ চাইকেল, গৰু ,ছাগলী আদি  জুইত জাহ যায়। ঘটনাস্থলীত উদ্ধাৰ হৈছে কেইবাজাঁই গুলী, খালী কাৰ্টিজ । ঘটনাৰ লগত নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন জড়িত থকাৰো সন্দেহে প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সকলো জ্বলাই শেষ কৰাৰ পিছত সেই স্থানৰ পৰা দুৰ্বৃত্তৰ দলটো আঁতৰি যোৱাৰ পিছত CRP আৰু প্ৰশাসনক খবৰ দিয়ে গঞা ৰাইজে ।

স্থানীয় ৰাইজে জনোৱা অনুসৰি, জ্বলাই দিয়া গাঁওখনলৈ বহু সময় ধৰি নগাই যাবলৈ দিয়া নাছিল CRPFৰ  লগতে প্ৰশাসনৰ লোকক । পৰৱৰ্তী সময়ত ঘটনাস্থলীত নিশাই উপস্থিত হয় সৰুপথাৰ সম-জিলাৰ সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকন, সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া মনোজ কুমাৰ দলে, চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ হাতীমূৰীয়া। পুৱা গোলাঘাট জিলাৰ জিলা আয়ুক্ত পুলক মহন্ত, অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী বিষয়া জন দাস, গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজেন সিঙৰ লগতে বহু প্ৰশাসনিক বিষয়া উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে । আনহাতে, ঘটনাৰ লগত জড়িত কোনো দুৰ্বৃত্ত যাতে সাৰি যাব নোৱাৰে তাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনে যৌথভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সীমান্তত নগাই অগ্নিসংযোগ কৰাৰ পিছতেই নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ’ই বিশেষ চৰ্চা লাভ কৰিছে । কিছুদিন পূৰ্বে ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলি থকাৰ সময়তে উৰিয়ামঘাটলৈ আহিছিল নাগালেণ্ডৰ উপ-মুখ্যমন্ত্রী বাই পেটন।  উচ্ছেদ সম্পৰ্কত আলোচনাত বহিছিল অসমৰ বনমন্ত্ৰীগৰাকীৰ সৈতে । আলোচনাৰ শেষত নাগালেণ্ডলৈ ৰাওনা হৈয়ে সীমান্তৰ দাঁতিকাষৰীয়া টেঙাতল গাঁৱৰ নিচেই কাষতে থকা আঘুনাগা অঞ্চলত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰিছিল উপ-মুখ্যমন্ত্রী বাই পেটনে। নাগালেণ্ডৰ বিভিন্ন বিভাগৰ চেয়াৰমেন, কেইবাজনো বিধায়ক, উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, জিলা আয়ুক্ত, গাঁওবুঢ়া, বিভিন্ন দল-সংগঠনৰ নেতাৰ সৈতে আলোচনাত বহিছিল মন্ত্রীজন। আঘোনাগাত অনুষ্ঠিত সভাত মন্ত্রীজনে উপস্থিত সকলোৰে আগত কিছু উচটনিমূলক মন্তব্য আগবঢ়োৱা দেখা গৈছে ভাইৰেল হোৱা এটা ভিডিঅ’ত। সভাত অসম-নাগালেণ্ড সীমান্তত এতিয়াও থাকি যোৱা অবৈধ নাগৰিকক নাগালেণ্ড চৰকাৰে উচ্ছেদ চলাব, আয়ুক্ত বিভাগীয় বিষয়াক উচ্ছেদ প্রক্রিয়া আৰম্ভ কৰা নির্দেশ দিয়ে। আনহাতে, উপস্থিত সকলোৰে সহযোগিতা বিচাৰি উপায়ুক্ত, আৰক্ষী অধীক্ষকক উচ্ছেদ চলাই খবৰ দিবৰ বাবে আহ্বান জনায় । ‘নগা ৰাইজক অলপ টেঙৰ হ’ব লাগিব’ বুলি কৈ ‘অসমে ফেন্সিং লগাইছে, গছপুলি লগাইছে, সেইবোৰ সকলো আঁতৰাই দিয়া হৈছে বুলি কৈ নিউলেণ্ড মাটিত অসমৰ পৰা ফেন্সিঙৰ খুঁটা, গছপুলি ভাঙি দিব লাগে’ বুলি উচটনি দিয়ে উপস্থিত সকলোকে। উৰিয়ামঘাটলৈ অহাৰ পূৰ্বেও অসমৰ বিষয়াক ফেন্সিঙৰ খুঁটা, গছপুলি নাতৰালে ভাঙি দিম বুলি কোৱাৰ কথাও উল্লেখ কৰিছিল মন্ত্রীজনে। আকৌ ‘যদি আমাৰ মাটিত উচ্ছেদ কৰি খুঁটা পোতে আমাক জনাবি আমি সকলো ভাঙি দিম।  নগা ৰাইজক উদ্দেশ্যি আপোনালোকে চিন্তা নকৰিব আমি সদায় আছোঁ’ বুলিও মন্তব্য কৰে। নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ বক্তব্যৰ এই  ভিডিঅ’ ভাইৰেল হোৱাৰ কিছু দিন পিছতেই এতিয়া অশান্ত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্ত অঞ্চল । সীমান্ত অঞ্চল অশান্ত হোৱাৰ মূল জগৰীয়া নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীগৰাকী বুলি বিভিন্ন দল-সংগঠনে দাবী কৰে।

এতিয়া সমগ্র বিষয়টো শীঘ্রে সমাধান কৰিবৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে সীমান্ত বাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।

প্ৰেৰক নবীন বৰা
You might also like