নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এগৰাকী জুবিন অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিৰ্মাণ কৰিবলৈ লৈছে এটি কাঠৰ প্ৰতিমূৰ্তি। বিলাসীপাৰাৰ লুটাপাৰা গাঁৱৰ বাসিন্দা তথা পেছাত কাঠমিস্ত্রী চৈতাৰাম নাথ নামৰ জুবিন অনুৰাগীগৰাকীয়ে গমাৰি গছৰ কুণ্ডাৰে নিৰ্মাণ কৰি থকা প্ৰতিমূৰ্তিটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে।
প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰি পোৱাৰ পিছদিনাৰ পৰাই নাথে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল জুবিন গাৰ্গৰ সেই প্ৰতিমূৰ্তিটো। বিগত প্ৰায় ১৫ দিন ধৰি অশেষ কষ্টেৰে নিৰ্মাণ কৰি থকা সেই প্ৰতিমূৰ্তিটোত এতিয়া অন্তিম পৰশ দিয়াত ব্যস্ত তেওঁ। নাথৰ ইচ্ছা- নিৰ্মাণ সম্পূৰ্ণ হ’লে নিজ হাতেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পৰিয়ালৰ হাতত অৰ্পণ কৰা।