কল্লোল ভৌমিক, নতুন দিল্লী, ১১ অক্টোবৰ : অসমবাসীক অন্ধকাৰত ৰাখি সংগোপনে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উৎপাদনৰ কাম আৰম্ভ কৰিছে ৰাষ্ট্রীয় জলবিদ্যুৎ শক্তি নিগম, চমুকৈ এন এইচ পি চিয়ে৷ অৱশ্যে বাণিজ্যিকভাৱে নহয়, ড্রাই ৰান টেষ্ট হিচাপে গেৰুকামুখ প্রকল্পৰ প্রথম, দ্বিতীয় আৰু তৃতীয় গোটক কার্যক্ষম কৰি তোলা হৈছে৷ দিল্লীৰ সমীপৱর্তী ফৰিদাবাদস্থিত এন এইচ পি চিৰ এক শীর্ষ বিষয়াই ‘নিয়মীয়া বার্তা’ৰ আগত এই কথা সদৰী কৰিছে৷
বিষয়াজনে প্রকাশ কৰা মতে, যোৱা ১৯ ছেপ্টেম্বৰত ৰাষ্ট্রীয় বান্ধ সুৰক্ষা আয়োগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক সেউজ সংকেত প্রদান কৰে৷ সেইমর্মে ২২ ছেপ্টেম্বৰৰ পৰা নির্মাণকাৰী সংস্থাটোৱে ৰিজার্ভাৰ ফিলিঙৰ কাম আৰম্ভ কৰিছে৷ উল্লেখ্য যে চলিত অক্টোবৰ মাহৰ পৰাই ২৫০ মেগাৱাটকৈ মুঠ আঠটা গোটৰ প্রথম তিনিটা গোটক কার্যক্ষম কৰি তোলাৰ কথা আছিল৷ পিছে বান্ধৰ সুৰক্ষাজনিত বিষয়ৰ কাৰণে ৰাষ্ট্রীয় বান্ধ সুৰক্ষা আয়োগে এন এইচ পি চিক সেউজ সংকেত প্রদান কৰাৰ পৰা বিৰত ৰাখিছিল৷ পিছে বান্ধৰ তলভাগত পানী ‘লিক’ কৰা হেতু কার্টেন গ্রাউটিঙৰ বাবে আয়োগে এন এইচ পি চিক বাধ্য কৰিছিল৷ এতিয়া গ্রাউটিঙৰ কাম সম্পন্ন কৰি ৰিজার্ভাৰৰ জলস্তৰ লাহে লাহে বৃদ্ধি কৰি থকা হৈছে৷
এন এইচ পি চিৰ শীর্ষ বিষয়াজনে প্রকাশ কৰা মতে, প্রথম তিনিটা গোটক কার্যক্ষম কৰি তোলাৰ বাবে ২০৫ মিটাৰ গভীৰতা সম্পন্ন ৰিজার্ভাৰৰ জলস্তৰ ১৮১ মিটাৰলৈকে পূৰণ কৰাটো বাঞ্ছনীয়৷ এতিয়া সেই কার্যই সম্পন্ন কৰি থকা হৈছে৷ এন এইচ পি চিয়ে হঠকাৰী সিদ্ধান্তৰে প্রকল্পটোৰ প্রথম তিনিটা গোটৰ ড্রাই কমিছনিঙৰ কাম সম্পন্ন কৰিছে যদিও বাণিজ্যিকভাৱে কেতিয়াৰ পৰা বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব সেই সন্দর্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ কেৱল জনাইছে যে চলিত বিত্তীয় বর্ষ অর্থাৎ ২০২৬ চনৰ ৩১ মার্চৰ ভিতৰত প্রকল্পটোৰ চাৰিটা গোটক বাণিজ্যিকভাৱে উৎপাদনক্ষম কৰি তোলা হ’ব৷ মুঠ ২০০০ মেগাৱাটৰ ভিতৰত ১০০০ মেগাৱাটৰ বিদ্যুৎ উৎপাদনেৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক কার্যক্ষম কৰি তোলা হ’ব৷ লক্ষণীয়ভাৱে চতুর্থ গোটৰ ড্রাই ৰান টেষ্ট এতিয়ালৈকে হোৱা নাই যদিও বক্সিঙৰ কাম সম্পন্ন হৈছে তথা ড্রাই ৰান টেষ্টৰ বাবে সাজু কৰি তোলা হৈছে৷
লক্ষণীয়ভাৱে ১৯ ছেপ্টেম্বৰত ৰাষ্ট্রীয় বান্ধ সুৰক্ষা আয়োগে সেউজ সংকেত দিয়া মাত্রে এন এইচ পি চিৰ পৰিচালন সঞ্চালক হিচাপে সদ্যহতে দায়িত্ব লাভ কৰা ভূপেন্দৰ গুপ্তাই ২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈকে প্রকল্পস্থলী ভ্রমণ কৰে৷ গুপ্তাৰ উপস্থিতিতে ৰিজার্ভাৰ ফিলিঙৰ কাম আৰম্ভ হয়৷ সামগ্রিকভাৱে নামনি সোৱণশিৰি নদীবান্ধৰ নির্মাণকার্য সম্পূর্ণ হৈছে যদিও বান্ধৰ ড্রেইনেজ গেলাৰী ৰক্ষণাবেক্ষণ তথা আনুষংগিক সঁজুলি স্থাপনৰ কাম এই মুহূর্তত চলি আছে৷ ইপিনে, এন এইচ পি চিৰ শীর্ষ বিষয়াজনে সদৰী কৰা অনুসৰি, ৩০ ছেপ্টেম্বৰলৈকে সামগ্রিকভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ৯৬.৯৪ শতাংশ নির্মাণকার্য সম্পন্ন হৈছে৷ চলিত বিত্তীয় বর্ষৰ ছেপ্টেম্বৰ মাহলৈকে প্রকল্পটোৰ নির্মাণকার্যত ব্যয় কৰা হৈছে ২৫,০৩১.৪২ কোটি টকা৷ এতিয়ালৈকে চলিত বিত্তীয় বর্ষত ব্যয় হৈছে ১,৩০৫.৪৮ কোটি টকা৷