নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ অক্টোবৰত ম্যাদ উকলিব জুবিনৰ মৃত্যু গোচৰৰ অভিযুক্তৰ, গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত সাজু দুটা কোঠা

ডিজিটেল ডেস্ক, ১১ অক্টোবৰ : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ মৃত্যুৱে ২২টা দিন অতিক্রম কৰিলে৷ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ বিভিন্ন মহলত চর্চা অব্যাহত থকাৰ সময়তে আহি পালে শিল্পীগৰাকীৰ ভিছেৰা পৰীক্ষাৰ ফলাফল৷

উল্লেখ্য যে ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল যদিও অসমবাসী ৰাইজৰ প্রবল দাবীৰ পাছত ৰাজ্য চৰকাৰে যোৱা ২৩ ছেপ্টেম্বৰত ভঙাগড়ৰ জিএমচিএইচত দ্বিতীয়বাৰ শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল৷ ইতিমধ্যে উক্ত পৰীক্ষাৰ প্রতিবেদন শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গৰ হাতত ৰাজ্য চৰকাৰে অর্পণ কৰিছিল যদিও তেওঁ এই প্রতিবেদন ল’বলৈ অস্বীকাৰ কৰিছিল৷ সেই সময়তে শিল্পীগৰাকীৰ দেহৰ পৰা সংগ্রহ কৰা ভিছেৰাৰ নমুনা পৰীক্ষাৰ বাবে নতুন দিল্লীৰ ফৰেনছিক গৱেষণাগাৰলৈ প্রেৰণ কৰা হৈছিল৷ প্রকৃততে জুবিন গার্গক বিহপান কৰোৱাই হত্যা কৰা হৈছিল নে স্বাভাৱিকভাৱে পানীত ডুবি তেওঁৰ মৃত্যু হৈছিল, এই সমগ্র ৰহস্য ভিছেৰা পৰীক্ষাৰ ফলাফলত স্পষ্ট হ’ব৷ মৃত্যুৰ প্রকৃত কাৰণো এই পৰীক্ষাতে পোহৰলৈ আহিব৷

আনহাতে, শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ এছআইটিয়ে বর্তমানলৈ ৭জনকৈ অভিযুক্তক গ্রেপ্তাৰ কৰাৰ পাছতে এতিয়া জুবিন হত্যাৰ গোচৰৰ অভিযুক্তক ৰখাক লৈ স্বাভাৱিকতে চিন্তিত হৈ পৰিছে আৰক্ষী৷ অৱশ্যে ইয়াৰ মাজতে গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত যুদ্ধকালীন তৎপৰতাৰে হঠাতে ব্যস্ত হৈ পৰিছে কাৰাগাৰ কর্তৃপক্ষ৷ স্বাভাৱিকভাৱে চলি থকা গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত শেহতীয়াকৈ বহুসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে অসমর্থিত সূত্রৰ পৰা জানিব পৰা মতে, কাৰাগাৰ চৌহদত আছুতীয়াকৈ শৌচাগাৰ, স্নানাগাৰ সংলগ্ণ দুটা কোঠা সাজু কৰি তোলা হৈছে৷ কোঠা দুটাৰ প্রতিটো কোণ ঢুকি পোৱাকৈ অত্যাধুনিক চিচি কেমেৰাও সংস্থাপন কৰা হৈছে বুলি সূত্রটোৱে দাবী কৰিছে৷ উক্ত কেমেৰাটোৱে গতিবিধিৰ দৃশ্য ৰেকর্ড কৰাৰ লগতে কোঠা দুটাৰ ভিতৰৰ শব্দও ৰেকর্ড হ’ব৷

উল্লেখ্য যে অহা ১৪ অক্টোবৰত এছআইটিৰ জিম্মাৰ ম্যাদ উকলাৰ লগে লগে সমগ্র ঘটনাটোৰ অন্যতম মুখ্য অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গকে ধৰি বর্তমানলৈকে গ্রেপ্তাৰ হোৱা মুঠ ৭জন অভিযুক্তক ন্যায়িক জিম্মালৈ আদালতে হয়তো প্রেৰণ কৰিব৷ গতিকে উক্ত অভিযুক্তকেইজনক ন্যায়িক জিম্মাৰ সময়ত কাৰাগাৰত ৰখাৰ বাবে স্বাভাৱিকতে কঠোৰ সুৰক্ষামূলক ব্যৱস্থাৰ প্রয়োজন হ’ব৷ অৱশ্যে এই সন্দর্ভত আৰক্ষীয়ে কোনোধৰণৰ তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰা নাই যদিও গুৱাহাটী কেন্দ্রীয় কাৰাগাৰ কর্তৃপক্ষৰ ব্যস্ততালৈ চাই তাতেই আটাইকেইজন অভিযুক্তক ৰখা হ’ব বুলি চর্চা চলিছে৷

You might also like