নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত হ’ব ৩০০ বিচনাযুক্ত চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গঢ়ি তুলিছে ৰাজ্য চৰকাৰে । ৰাজ্যত নতুনকৈ কেইবাখনো চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৩০০ বিচনাযুক্ত এখন চিকিৎসালয় স্থাপনৰ কথা ঘোষণা কৰে ।

স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ সৈতে চিকিৎসালয় নিৰ্মাণৰ বাবে স্থান পৰিদৰ্শন কৰে ।

লগতে আগন্তুক সময়ত অসমৰ কেইবাখনো ঠাইত ৩০০ বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰাৰ লগতে স্থানসমূহো ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

You might also like