নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে যুঁজঃ কামাখ্যা ষ্টেচনত ৰে’লৰ ডবাত আছুতীয়া কক্ষ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ দেশজুৰি ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে ভাৰতীয় ৰে’লে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ । দেশৰ প্ৰায়সংখ্যক ৰে’লতেই এতিয়া প্ৰস্তুত কৰি উলিওৱা হৈছে আছুতীয়া বিচনাৰ লগতে আইচিইউ ।

এইক্ষেত্ৰত যেন বিশেষভাৱে সাজু হৈ উঠিছে গুৱাহাটীৰ কামাখ্যা ৰে’লৱে ষ্টেচন । ষ্টেচনটোত থকা ৰে’লৰ ডবাতেই এতিয়া এখন হাস্পতালৰ সকলো সুবিধা উপলব্ধ হ’ব । মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ৰে’লৰ ডবাত প্ৰস্তুত কৰি উলিওৱা হৈছে এইসমূহ আছুতীয়া বিচনা । মুঠ ১০ টা ডবাত প্ৰতিটো ডবাতে আছে ৯ খনকৈ বিচনা । য’ত ৰখা হ’ব ক’ৰোনা আক্ৰান্ত ৰোগীক । ইফালে, ৰে’লৰ ডবাতেই আছে আইচিইউ কক্ষ ।

যি সময়ত ৰাজ্য চৰকাৰে ক’ৰোনাৰ সৈতে মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি গঢ়ি তুলিছে তেনে এক সময়তে ভাৰতীয় ৰে’লৱেৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে । দেশৰ এনে সংকটপূৰ্ণ সময়ত সকলোৱে যেন ধৰাশায়ী কৰিব খুজিছে মহামাৰী ক’ৰোনাক ।

You might also like