নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ কু-অভিসন্ধিঃ ৰাষ্ট্ৰসংঘত ক’ভিড-১৯ আলোচনাত বাধা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ  বিশ্বৰ ২০০ খন দেশলৈ সম্প্ৰসাৰিত ঘাতক ক’ভিড-১৯ ক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত হ’বলগীয়া আলোচনাত বাধা প্ৰদান কৰিছে চীনে ।

চীনৰ পৰা প্ৰাদুৰ্ভাৱ ঘটা ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰৰ পাছতেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টো আলোচনা কৰিবলৈ অস্থায়ী সদস্য এষ্ট’নিয়াই দাবী কৰি আহিছে যদিও বেইজিঙে এই আলোচনাত বাধা প্ৰদান কৰিছে ।

ইতিমধ্যে ভাইৰাছ চীনৰেই ষড়যন্ত্ৰ বুলি চৰ্চিত হৈ থকাৰ সমান্তৰালকৈ আনকি আমেৰিকাই ভাইৰাছটোক ছাইনীজ ভাইৰাছ বুলিও অভিহিত কৰিছে ।

ইতিহাসৰ পৃষ্ঠা লুটিয়ালে মাৰাত্মক ভাইৰাছৰ উৎপত্তিস্থল চীনৰ গৱেষণাগাৰ বুলি বিশ্লেষকসকলে দবী কৰি আহিছে । আনকি ভাইৰাছটো চীনৰ দ্বাৰা সৃষ্ট জৈৱিক অস্ত্ৰ বুলি সন্দেহ কৰা হৈছে ।

এনেক্ষেত্ৰত নিৰাপত্তা পৰিষদত বিষয়টো আলোচনা কৰাটো জৰুৰী । কিন্তু চীনে আলোচনাত বাধা প্ৰদান কৰাটোৱে দেশখনৰ কু-অভিসন্ধি পোহৰলৈ আহিছে ।

You might also like