ক’ৰোনাৰে যুঁজঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আগবঢ়ালে এমাহৰ দৰমহা
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ বিশ্বজুৰি সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ সহায়ৰ হাত আগবঢ়াইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ১ লাখ টকাৰ ধন আগবঢ়ায় । নতুন দিল্লীৰ অসম ভৱনৰ বিষয়াৰ হাতত অৰ্পন কৰে উক্ত ধনৰ এখন চেক ।
ইপিনে ৰিপুন বৰাৰ পত্নী তথা প্ৰাক্তন বিধায়িকা মণিকা বৰাইয়ো তেখেতৰ এমাহৰ পেঞ্চনৰ ধন ৪০ হাজাৰ টকা চিকিৎসাৰ বাবে আগবঢ়াইছে ।
ইয়াৰ লগতে ৰিপুন বৰাই তেখেতৰ সাংসদ পুঁজিৰ এক কোটি টকা ক’ৰোনাৰ চিকিৎসাৰ বাবে মুকলি কৰি দিয়ে ।