নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । কামৰূপ মহানগৰ জিলাৰ ২০০ খন বিচনাযুক্ত সোণাপুৰ মডেল হাস্পতালকো এতিয়া পৰ্যবসিত কৰা হৈছে ক’ৰোনাৰ চিকিৎসাৰ বাবে । প্ৰথম আৰু দ্বিতীয় মহলাত ১০০ খন আইছুলেচন বিচনা প্ৰস্তুত কৰি উলিওৱা হৈছে চিকিৎসালয়খনত ।
কোনো ৰোগী যদি ক’ৰোনাত আক্ৰান্ত হয় আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰিবলৈ সম্পূৰ্ণৰূপে এতিয়া সাজু হৈ উঠিছে সোণাপুৰ মডেল হাস্পতাল । ইফালে, ক’ৰোনা আক্ৰান্তৰ বাবে ১৬ খন আইচিইউ বিচনাও সাজু কৰি উলিয়াইছে হাস্পতাল কৰ্তৃপক্ষই ।
উল্লেখ্য় যে, কামৰূপ মহানগৰ জিলাতে ক’ৰোনা আক্ৰান্তৰ বাবে গঢ়ি তোলা হৈছে বহুকেইখন চিকিৎসালয় । গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় , সৰুসজাই ষ্টেডিয়ামত গঢ়ি তোলা হৈছে আইছুলেচন কক্ষৰ লগতে আইচিইউৰ ব্যৱস্থা । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো দিনেই এতিয়া ব্যস্ত হৈ আছে ক’ৰোনা প্ৰতিৰোধৰ প্ৰস্তুতিত ।