নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে কাম । গুৱাহাটী মেডিকেল কলেজ হাস্পতাল আৰু সৰুসজাই আইছুলেচন কক্ষ নিৰ্মাণৰ সমান্তৰালভাৱে এতিয়া সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় । চিকিৎসালয়খনত ক’ৰোনা আক্ৰান্তৰ বাবে ১২ খনকৈ আইচিইউ বিচনাৰ লগতে ১৪০ খন আইছুলেচন বিচনা প্ৰস্তুত কৰি উলিওৱা হৈছে ।
শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় । মাত্ৰ কেইটামান দিনৰ ভিতৰতে চিকিৎসালয় কৰ্তৃপক্ষই গঢ়ি তোলা এই আইচিইউ আৰু আইছুলেচন কক্ষৰ বাবে ডা০ অভিজিৎ শৰ্মা আৰু তেওঁৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।