নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম গছত আশ্ৰয় লৈ নিজকে কোৱাৰেণ্টাইন ৭ যুৱকৰ, পিচে ক’ত এই ঘটনা ?

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত বাৰম্বাৰ সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে, তেনে সময়তে পশ্চিমবংগৰ ৭ জনকৈ যুৱকে নিজকে কোৱাৰেণ্টাইন কৰি সচেতনতাৰ পৰিচয় দাঙি ধৰিছে ।

পশ্চিমবংগৰ পুৰুলিয়াত ওখ গছত উঠি আশ্ৰয় লৈছে ৭ জন যুৱকে । চেন্নাইত শ্ৰমিকৰূপে কৰ্মৰত যুৱককেইজনে বৰ্তমান ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে ক’ৰোনাৰ আতংকৰ বাবে কৰ্মস্থলী চেন্নাইৰ পৰা ঘৰলৈ উভতি আহি চিকিৎসকৰ কাষ চাপিছিল যুৱককেইজন । পাছত চিকিৎসকে আটাইকেইজনকে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

ইপিনে ঘৰত আছুতীয়া কক্ষ নথকাত ১৪ দিনৰ বাবে এইদৰে এজোপা আম গছতে আশ্ৰয় গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় যুৱককেইজনে ।

You might also like