নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ টীম ইণ্ডিয়াৰ একালৰ বিস্ফোৰক বাঁওহতীয়া বেটছমেন সুৰেশ ৰাইনাক আইপিএলৰ শ্ৰেষ্ঠ পাৱাৰপ্লে বেটছমেন হিচাপে আখ্যা দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ ব্ৰেড হ’গে। টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅত হ’গে কয় যে ৰাইনাই চেন্নাই ছুপাৰ কিংছৰ হৈ কেইবাটাও আকৰ্ষণীয় ইংনিছ খেলি দলটোক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিছে আৰু নিঃসন্দেহ আই পি এলৰ পাৱাৰ প্লে বেটছমেন। বিৰাট কোহলি, ক্ৰিছ গেইল, ডেভিদ ৱাৰ্নাৰ, জছ বাটলাৰ আদিৰ দৰে বিস্ফোৰক বেটছমেনক চেৰ পেলাই হগে ৰাইনাক শ্ৰেষ্ঠ পাৱাৰপ্লে খেলুৱৈ হিচাপে আখ্যা দিয়াৰ কাৰণটোও বৰ্ণনা কৰিছে। তেওঁ কয় যে আই পি এলত ৰাইনাই চেন্নাই ছুপাৰ কিংছক কেই বাবাৰো দুৰ্দান্ত বেটিঙেৰে খেলৰ গতি সলনি কৰিবলৈ সক্ষম হৈছে আৰু ছিক্সাৰ, বাউণ্ডেৰী, কোবোৱাৰ সমান্তৰালকৈ তেওঁ এক. দুই ৰান সংগ্ৰহ কৰাতো অত্যন্ত পাকৈত। উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছৰ অন্যতম মুখ্য খেলুৱৈ ৰাইনাই ভাৰতৰ হৈ টি-২০ বিশ্বকাপ আৰু এদিনীয়া বিশ্বকাপতো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ হল আইপিএলৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন।