নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী হকাৰ মাৰ্কেটৰ ক্ষুদ্ৰ ব্যৱসায়ীক আৰ্থিক সাহায্য প্ৰদান

বিগত ২০ অক্টোবৰৰ নিশা চহৰখনৰ হ’কাৰ মাৰ্কেটত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলক ধুবুৰীৰ শতাব্দী প্ৰাচীন, ঐতিহ্যমণ্ডিত টাউন ক্লাবৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

উল্লেখ্য যে, সিদিনা নিশা কালী পূজা আৰু দীপাৱলীৰ আনন্দৰ মাজতে সংঘটিত হোৱা সেই এক ভয়ংকৰ এত অগ্নিকাণ্ডটোত ১১খনকৈ দোকানকে ধৰি দোকান কেইটাত থকা সকলো সা-সামগ্ৰী জ্বলি ভষ্মীভূত হৈছিল।

টাউন ক্লাব কৰ্তৃপক্ষই অগ্নিকাণ্ডটো সংঘটিত হোৱা ঠাইৰ সমীপত এক বিশেষ কাৰ্যসূচীৰে অগ্নিকাণ্ডটোত ক্ষতিগ্রস্ত হোৱা ১১গৰাকীকৈ ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতিগৰাকীকে গাইপতি ৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

কাৰ্যসূচীত ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল প্ৰমুখ্যে টাউন ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ অক্টোবৰ

You might also like