টিহুবাসীৰ স্বপ্নপূৰণ : ডেৰ দশকৰ বিৰতিত মুকলি গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ
ছবিগৃহটোত কাইলৈৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ ক্ষণ গণিছে অঞ্চলবাসীয়ে
ডেৰ দশকৰ বিৰতিৰ পাছত নতুন ৰূপেৰে মুকলি কৰা হল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ। মুখ্যমন্ত্ৰীৰ অনুদানেৰে ন ৰূপত জিলিকি উঠিল ছবিগৃহ আৰু প্ৰেক্ষাগৃহটো।
উল্লেখ্য যে ছবিগৃহটোত কাইলৈৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ ক্ষণ গণিছে অঞ্চলবাসীয়ে।
প্ৰতিদিনে চাৰিটাকৈ দৰ্শনীৰ চাৰি দিনৰ সকলো টিকট বুক কৰিছে দৰ্শকে। এই কথা ব্যক্ত কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।
উল্লেখ্য যে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ সহযোগত ন ৰূপত মুকলি কৰা হয় এই ছবিগৃহটো। ছবিগৃহটো ন ৰূপত আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্তসহ বহু লোক।
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ