বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ
বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ উদ্যোগীসকলক দাবী ধমকি দিছিল এইসকল সদস্যই। লগতে বহৰিত ট্ৰাকৰ পৰাও ধন দাবী কৰিছিল ধৃত সদস্যকেইজনে
বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। ধন দাবী, দালালিৰে জড়িতৰ প্ৰমাণ চৰকাৰে লাভ কৰাৰ পিছতে কঠোৰ হৈছে চৰকাৰ প্ৰশাসন।
সেই অনুসৰি বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে- শ্বহীদুল বৰুৱা, লিটন আলী, দীপাংকৰ তালুকদাৰ।
ইয়াৰে দীপাংকৰ তালুকদাৰ সাংগঠনিক সম্পাদক, লিটন আলী কাৰ্যালয় সম্পাদক, শ্বহীদুল বৰুৱা সদস্য।
উল্লেখ্য যে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ উদ্যোগীসকলক দাবী ধমকি দিছিল এইসকল সদস্যই। লগতে বহৰিত ট্ৰাকৰ পৰাও ধন দাবী কৰিছিল ধৃত সদস্যকেইজনে।
স্মৰ্তব্য যে বৰপেটাৰ SSPৰ নেতৃত্বত সদস্যকেইজনক গ্ৰেপ্তাৰ কৰা হয়।
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ