নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

বৰপেটাৰ মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বৰপেটাৰ মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। NSUIৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাক লৈ তীব্ৰ প্ৰতিবাদৰ সুৰ উঠিছে।

নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰাৰ কাৰণ আনুষ্ঠানিকভাৱে ঘোষণা নকৰাত NSUI সমৰ্থিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে কলেজৰ অধ্যক্ষ ড০ শ্বেখ আব্দুল ফাৰুকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কক্ষত আবদ্ধ কৰি শ্ল’গানৰ জৰিয়তে প্ৰতিবাদ প্ৰকাশ কৰে।

ইফালে, ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হতাহতিও হয়। অৱশেষত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

অন্যপক্ষে, ACPৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীগৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাত NSUI সমৰ্থিত ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভ প্ৰকাশ পাইছে। অভিযোগ অনুসৰি, জয়ী প্ৰাৰ্থীগৰাকীৰ মহাবিদ্যালয়ত উপস্থিতিৰ হাৰ যথেষ্ট কম।

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ

You might also like