নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত নিৰ্মীয়মাণ শৌচাগাৰৰ টেংকিত দুজনৰ মৃত্যু…

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : বঢ়মপুৰত এক অঘটন সংঘটিত হয় । নিৰ্মীয়মাণ শৌচাগাৰৰ টেংকিৰ তক্তা খুলিবলৈ গৈ এজন ৰাজমিস্ত্ৰীৰ মৃত্যু হয়। টেংকিত আবদ্ধ ৰাজমিস্ত্ৰীজনক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মাণ ঘৰটোৰ মালিক মণ্টু বৰদলৈৰো মৃত্যু হয় । মন্টু বৰদলৈ অসম আৰক্ষীৰ সহ: পৰিদৰ্শকৰ চাকৰিত কৰ্মৰত হৈ আছিল। মৃত মন্টু বৰদলৈৰ বয়স ৪০ বছৰ আৰু ভাইটি নামৰ ৰাজমিস্ত্ৰীজনৰ বয়স অনুমানিক ৩৫ বছৰ। এই ঘটনা সংঘটিত হয় বঢ়মপুৰৰ বৰটোপত। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ চেষ্টা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।

You might also like