নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনত উৎপাদিত বহুকেইবিধ সামগ্ৰীৰ বিশ্বজুৰি চাহিদা সদায় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ৰাজ্যখনত উৎপাদিত চাঁহপাতৰ লগতে খনিজাত তেল, কয়লা, কাঠ, কলৰ লগতে বাঁহ আৰু বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন প্ৰজাতিৰ বাঁহে দেশজুৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাটো ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ বাবে এক শুভ লক্ষণ।
নামনি অসমৰ গোৱালপাৰা আৰু কামৰূপ গ্ৰাম্য জিলাৰ বাঁহৰ গুণাগুণ যথেষ্ট উন্নত হোৱা বাবে বহিঃৰাজ্যত ইয়াৰ চাহিদা প্ৰতিদিনে বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ বহিঃৰাজ্যলৈ ট্ৰাকে ট্ৰাকে বাঁহ ৰপ্তানি হোৱা দেখা যায় ৷ ৰাজ্যখনৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ লগতে চুবুৰীয়া মেঘালয়ৰ বহু পৰিয়ালৰ বাৰীত থকা বাঁহ বিক্ৰী কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে কৃষকসকল ৷ জিলা দুখনৰ পলসুৱা মাটিত উৎপাদিত বাঁহে অকল কৃষকসকলকে নহয়, এই ব্যৱসায়ৰে জড়িত অন্যান্য লোকসকলকো আৰ্থিকভাৱে টনকিয়াল কৰিবলৈ সক্ষম হৈছে। জিলা দুখনৰ বাঁহ পঞ্জাব, উত্তৰ প্ৰদেশ, দিল্লীৰ লগতে বহুকেইখন ৰাজ্যলৈ ৰপ্তানি হয় বুলি জানিব পৰা গৈছে ।
কামৰূপ জিলাৰ ৰাণী, পলাশবাৰী, মিৰ্জা, ছয়গাঁও, বকো, শিংৰা, গোৱালপাৰা জিলাৰ টিপলাই, শিমলীতোলা, কাঁহিবাৰী, ধূপধৰা, ধনুভাঙা, ৰংজুলি, কোঠাকুঠি, গোসাঁইবড়ী, বহতী, বাকাইটাৰী, সিধাবাৰী আদি অঞ্চলত উৎপাদন হোৱা বাঁহৰ যথেষ্ট সমাদৰ আছে বহিঃৰাজ্যৰ বজাৰত ৷ অকল এই বাঁহ ক্ৰয়-বিক্ৰয়ৰ যোগেদিয়ে বহু নিবনুৱা যুৱক স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে জিলা দুখনৰ বহু কৃষক বিভিন্ন কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে বাঁহ খেতিতো মনোনিৱেশ কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কৃষকৰ পৰিয়ালৰ বাৰীতে ব্যৱসায়িক ভিত্তিত বহু বিঘা কৃষিভূমিত বাঁহ খেতি কৰি এতিয়া অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ লগতে আন লোককো কৰ্মমুখী হোৱাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে, একাংশ ব্যবসায়ীয়ে কৃষকসকলৰ বাগানৰ পৰা ওজন হিচাপত কেঁচা বাঁহসমূহ ক্ৰয় কৰে । ব্যৱসায়ীসকলে উৎপাদিত কেঁচা বাঁহসমূহ কৃষকসকলৰ পৰা পোনপটীয়াভাৱে ক্ৰয় কৰাৰ পিছত বিভিন্ন স্থানত মজুত কৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰে ৷ উল্লেখ্য যে এই অঞ্চলসমূহত বাঁহৰ জৰিয়তে কৃষকসকলৰ লগতে ব্যৱসায়ীসকল স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোৱে এক ব্যবসায়িক ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। সংশ্লিষ্ট বিভাগৰ জৰিয়তে বাঁহ খেতি সম্পৰ্কত উন্নত প্ৰশিক্ষণ আৰু এই বাঁহ খেতিৰ বাবে মাটিৰ গুণাগুণ সম্পৰ্কে সজাগতা সৃষ্টি কৰিলে সমগ্ৰ অঞ্চলটোৱে কৃষি ক্ষেত্ৰত এক সুকীয়া পৰিচয় লাভ কৰিব বুলি কৃষকসকলে জানিবলৈ দিয়ে ।
প্ৰেৰক জ্যোতিষ নাথ