ঢকুৱাখনাত তিনি ‘বন্ধু বিদ্যালয়’ৰ মাজত সাংস্কৃতিক বিনিময় অনুষ্ঠান
নৈতিক আৰু আধ্যাত্মিক জ্ঞানে আমাৰ মনত সদায় ধনাত্মক চিন্তাধাৰাৰ উদ্ভৱ কৰে - আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈ
“আমাৰ শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্ব-সহৃদয়তাৰ মাধ্যমেৰে গঢ়ি তুলিব লাগিব শিক্ষাৰ ন-ন পৰিৱেশ। ওচৰা-ওচৰিকৈ থকা বিদ্যালয় সমূহৰ মাজত আমি এই পৰিৱেশ সৃষ্টি কৰিবলৈ আগবাঢ়িব লাগিব। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ পৰস্পৰৰ মাজত শিক্ষাৰ প্ৰকৃত মূল্যায়ন সম্ভৱ হৈ উঠিব।”
ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত তিনিখনকৈ বিদ্যালয়ৰ মাজত আয়োজন কৰা “বন্ধু বিদ্যালয় ২০২৫ – ২৬ বৰ্ষৰ সাংস্কৃতিক বিনিময় অনুস্থানত উপস্হিত থাকি ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ব্রত গগৈয়ে এই মন্তব্য কৰে।
আৰক্ষী বিষয়াগৰাকীয়ে কন কন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত এই কাৰ্যসূচীয়ে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। তেওঁ লগতে নৈতিক আৰু আধ্যাত্মিক জ্ঞানে আমাৰ মনত সদায় ধনাত্মক চিন্তাধাৰাৰ উদ্ভৱ কৰে বুলি মন্তব্য কৰি সময়ৰ টিকনিডাল সদায় আগফালে কথাষাৰৰ গুৰুত্ব অনুধাৱন কৰি ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ আহ্বান জনায়।
ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত তথা জীয়ামৰীয়া গাঁৱস্থিত ৩১ কপহুৱা প্ৰাথমিক বিদ্যালয়ত চাৰিকড়ীয়া মধ্য ইংৰাজী বিদ্যালয়, ৪৪৩ নং হুজগাঁও প্ৰাথমিক বিদ্যালয়ক লৈ আয়োজন কৰা এই আঁচনিৰ কাৰ্যসূচী বন্ধু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনীমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে চাৰিকড়ীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বুদ্ধেশ্বৰ দাসে। ইয়াৰ পিছতে অনুষ্ঠিত হয় বন্ধু বিদ্যালয়ৰ অভিভাৱক-অভিভাৱিকাৰ মাজত সাংস্কৃতিক অনুষ্ঠান। দুপৰীয়া অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান।
৩১ কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভাস্কৰ দাসে আঁতধৰা মনোগ্রাহী অনুষ্ঠানটোত তিনিওখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা গীত, একক নৃত্য, দলীয় নৃত্য, কবিতা আবৃত্তি, অভিনয় আদিয়ে উপস্থিত সকলোৰে মন মোহিত কৰে।
দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই কাৰ্যসূচীত ঢকুৱাখনা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সৌৰভ বৰফুকন,উত্তৰ ঢকুৱাখনা সমল কেন্দ্ৰৰ সমল ব্যক্তি দেৱজিৎ শৰ্মা,৩১ কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সেৱীকা শইকীয়া, ৪৪৩ নং হুজগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপ্তি দেৱীকে ধৰি বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, অভিভাৱকসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩১ অক্টোবৰ