ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ : অসমীয়া ছবি জগতত অভিলেখ ৰচি মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ই। ঈশ্বৰপুত্ৰৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ চাই আজি আৱেগিক হৈ পৰে প্ৰতিজন দৰ্শক। কান্দোনত ভাগি পৰে জুবিন অনুৰাগী। সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰাজ্যজুৰি ছবিগৃহত কেৱল ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী। হাউছফুল প্ৰতিটো ছবিগৃহ।
যোৰহাটতো পুৱাৰ পৰাই জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল অগণন অনুৰাগী। ইয়াৰ মাজতে প্ৰিয় শিল্পীৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ চাই থকা অৱস্থাত হঠাত অসুস্থ হৈ পৰে অৰুণ গাৰ্গ। জুবিন গাৰ্গৰ মুখাগ্নি কৰা অৰুণ গাৰ্গে যোৰহাটৰ ইলি হলত চাই আছিল চিনেমাখন। পিছত ইলি হলত ছবিখন চাই থকা অৱস্থাত অসুস্থ হৈ পৰা অৰুণ গাৰ্গক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।