লখিমপুৰত কাইলৈৰ পৰা অসম গ্ৰন্থমেলা
লখিমপুৰত কাইলৈ বিয়লিৰ পৰা দহদিনীয়াকৈ আৰম্ভ হব অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি বিক্ৰেতা সংস্হাৰ উদ্যোগত লখিমপুৰ নগৰৰ দাতিতে থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত এই গ্ৰন্থ মেলা খন আয়োজন কৰা হৈছে।
ৰাজ্যৰ সৰু বৰ বিভিন্ন গ্ৰন্থ বিপনীয়ে অংশগ্রহণ কৰিব এই গ্ৰন্থমেলাত। গ্ৰন্থমেলাৰ প্ৰতিটো দিনতেই বিভিন্ন কাৰ্য্যসূচী গ্রহণ কৰা হৈছে।
সাংস্কৃতিক অনুষ্ঠান, যুৱ লেখক সন্মিলন, লেখক পাঠক সন্মিলন, কবিতা, চিত্ৰাংকন, কুইজ আদি বিভিন্ন প্ৰতিযোগিতা, আলোচনা সত্ৰ আদি অনুষ্ঠিত হব। “পদ্মনাথ গোহাঞিবৰুৱা আৰু অসমৰ সমসাময়িক বৌদ্ধিক সমাজ”, ” অসমৰ নাট্য আন্দোলন-পৰম্পৰা আৰু বিৱৰ্তন”, “জন্মশতবৰ্ষত ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি” আদি বিভিন্ন বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হব।
আলোচনা সত্ৰকে ধৰি বিভিন্ন কাৰ্য্যসূচীত অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি আদি ক্ষেত্রৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। গ্ৰন্থমেলাখনৰ সামৰণী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচি আদিয়ে অংশগ্রহণ কৰিব।
বিশেষ বাৰ্তা, লখিমপুৰ, ৩১ অক্টোবৰ